২৮ মে’ত  সীমা সমস্যা, জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ বিক্ষোভ

0 17

উত্তৰ লখিমপুৰ, ২৪ মে’:  অহা ২৮ মে তাৰিখে অসম-অৰুণাচল সীমা সমস্যা, জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। অসম অৰুণাচলৰ সীমা সমস্যাই বহু দিনৰ পৰা জিলাখনৰ সীমামূৰীয়া ৰাইজৰ মাজত আতংক সৃষ্টি কৰি আহিছে , শেহতীয়াকৈ কিমিন পৰা দুইমুখ লৈ অৰুণাচল চৰকাৰে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে সেই পথ চোৱা অসমৰ মাজেদিয়েই নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে ।সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি অৰুণাচল চৰকাৰে প্ৰতিদিনে অসমৰ সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰি ব্যাপক হাৰত বেদখল কৰি আহিছে লগতে সীমান্তৱৰ্তী অসমীয়া মানুহক হাতে হাতে বন্দুক লৈ ভাবুকি প্ৰদান কৰি আহিছে।সেই সম্পৰ্কত বিস্তৃত ভাবে আলোচনা কৰি ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়। উল্লেখ্য যে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা ২৩ মেত অনুষ্ঠিত হয়।সভাখনত সভাপতিত্ব কৰে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগে।সভাৰ উদ্দেশ্যে বাখ্যা কৰে সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে।সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে অসম সীমান্তত থকা নিৰ্দোষী এচাম যুৱকৰ ওপৰত ভুৱা-কঠোৰ ধাৰা ব্যৱহাৰ কৰি অৰুণাচল চৰকাৰে গোচৰ ৰজু কৰি চিলনীবাৰী আৰক্ষী চকীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে সীমান্তৱৰ্তী গাঁৱত অভিযান চলোৱাৰো আছুৰ দৃষ্টিগোচৰ হৈছে।এই সম্পৰ্কত জিলা প্ৰশাসনে সীমান্তবাসী ৰাইজক সুৰক্ষা প্ৰদান কৰাৰ বাবে কোনো ব্যৱস্থা নকৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰি অসমৰ  মুখ্যমন্ত্ৰীক এই সম্পৰ্কত স্মাৰক পত্ৰৰ যোগে গোচৰ সমূহ উঠাই লবৰ বাবে দাবী জনায়।সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পুলক বৰা,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধনমণি দত্ত,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কোঁৱৰ, ফৰিদুৰ ৰহমান আদি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More