জোনমণি কাণ্ডঃ পুনৰ লখিমপুৰত চি বি আইৰ দল

আজগৰ আলিক জেৰাঃ চি বি আয়ে চপাই আনিছে জালঃ এছ বি আইৰ বঙালমৰা শাখাতো অভিযান

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ ৰাজ্য কঁপাই যোৱা জোনমণি কাণ্ডৰ তদন্ত চলাই থকা চি বি আইৰ এটা দল আজি পুনৰ লখিমপুৰৰ বঙালমৰাত উপস্থিত হয়৷ চি বি আইৰ সাতজনীয়া দলটোৱে বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰাত উপস্থিত হৈ জোনমণি কাণ্ডৰ লগত সাঙোৰ খাই পৰা আজগৰ আলিক পুনৰ জেৰা কৰে৷ উল্লেখ্য যে আজগৰ আলিৰ মাতৃ আমিনা খাতুনে জোনমণি ৰাভাৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত গোচৰ তৰিছিল৷ আমিনা খাতুনে তেওঁৰ পুত্ৰ আজগৰ আলিৰ পৰা ধন লৈ জোনমণি ৰাভাই এৰি দিয়া বুলি এজাহাৰ দাখিল কৰিছিল৷ উল্লেখনীয় কথা যে কেইমাহ মানৰ পূৰ্বে নকল সোণ-জাল নোটৰ গোচৰত আজগৰ আলিয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক জেললৈ প্ৰেৰণ কৰে৷ কেইদিনমানৰ পূৰ্বে জামিনত মুকলি হৈ ঘৰলৈ যোৱা আজগৰ আলিসহ কেবাজনক আজি চি বি আই দলটোৱে তীব্ৰ জেৰা কৰে৷ যোৱা জুন মাহত চি বি আইৰ এটা দল বঙালমৰাত উপস্থিত হৈ তদন্ত কৰাৰ পিছত আজি পুনৰ চি বি আইৰ ৭ জনীয়া দলটোৱে আকৌ বঙালমৰাত উপস্থিত হৈ জোনমণি কাণ্ডৰ তদন্ত চলায়৷ তদন্তকাৰী দলটোৱে আজি বঙালমৰা আৰক্ষী চকীত উপস্থিত হৈ আজগৰ আলিসহ কেবাজনক পুনৰ জেৰা কৰে৷ চি আই ডিয়ে ইতিপূৰ্বে জোনমণি কাণ্ড সন্দৰ্ভত জেৰা কৰা লোকসকলক আজি পুনৰ চি বি আইৰ দলটোৱে জেৰা কৰে৷ চি বি আই দলটোৱে দুপৰীয়া বঙালমৰাত থকা ভাৰতীয় ষ্টেট বেংকৰ বঙালমৰা শাখাত উপস্থিত হৈ বহু তথ্য পাতি সংগ্ৰহ কৰে৷ উল্লেখনীয় কথা যে চি বি আইৰ দলটোক জোনমণি কাণ্ডৰ তদন্তৰ ক্ষেত্ৰত চি আই ডিৰ দলেও সহযোগিতা আগবঢ়াই আহিছে৷ চি বি আইৰ দলটোৰ এই অভিযানত জোনমণি কাণ্ডৰ ৰহস্য শীঘ্ৰে পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ৷ চি বি আয়ে ইতিমধ্যে ৰাজ্য কঁপাই যোৱা জোনমণি কাণ্ডৰ তদন্তৰ জাল চপাই অনা বুলিও এক সূত্ৰই সদৰি কৰিছে৷ লক্ষণীয় কথা যে এছ আই জোনমনি ৰাভাই মৃত্যুৰ পূৰ্বে নকল সোণ-জাল নোট চক্ৰৰ সন্ধানত নগাঁৱৰ পৰা লখিমপুৰলৈ আহি বঙালমৰাত অভিযান চলাইছিল আৰু আজগৰ আলিক আটক কৰি নগাঁৱলৈ ৰাওনা হৈছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More