জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ লক্ষীমপুৰত চি বি আইৰ অভিযান

0 66

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ ৰাজ্য জোকাৰি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অসমলৈ অহা চি বি আই দলটো আজি আহি লক্ষীমপুৰত উপস্থিত হয়৷ ৰাজ্য চৰকাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে চি বি আইলৈ গোচৰটো হস্তান্তৰ কৰাৰ পিছতে চি বি আই দলে অভিযান আৰম্ভ কৰিছে৷ ইতিমধ্যে নগাঁৱৰ পৰা লক্ষীমপুৰত উপস্থিত হোৱা লাভলী কাটিয়াৰৰ নেতৃত্বত অহা ৮ জনীয়া চি বি আই দলটো লক্ষীমপুৰত উপস্থিত হৈ আজি নাওবৈচা বৰছলাৰ নকল সোণৰ মাষ্টাৰমাইণ্ড আজগৰ আলিৰ বাসগৃহত উপস্থিত হৈ মাতৃ আমিনা খাতুনক জেৰা কৰে৷ উল্লেখ্য যে যোৱা ৬ মে’ত জোনমণি ৰাভা আমিনা খাতুনৰ ঘৰলৈ আহি তেওঁৰ পুত্ৰ আজগৰ আলিক গ্ৰেপ্তাৰ কৰিছিল৷ এই সংক্ৰান্ততে চি বি আয়ে অভিযান চলায়৷ চি বি আই দলটোৱে আমিনা খাতুনৰ গৃহত অভিযান চলোৱাৰ পিছতে সন্ধ্যা ৫.৩০ বজতা লক্ষীমপুৰৰ আৱৰ্ত ভৱনত উপস্থিত হয়৷ লক্ষণীয় কথা যে দীৰ্ঘদিন ধৰি লক্ষীমপুৰ জিলাৰ বৃহত্তৰ বঙালমৰা অঞ্চলত এক অসাধু চক্ৰই জাল নোট, নকল সোণৰ ব্যৱসায়েৰে অঞ্চলটোৰ পৰিৱেশ বিঘ্নিত কৰি অহাৰ সময়তে জোনমণি ৰাভাই নকল সোণ, জাল নোটৰ ব্যৱসায়ীসকলক উৎখাতৰ বাবে উঠি পৰি লাগিছিল৷ সেই মৰ্মে নাওবৈচাৰ বৰছলালৈ আহি আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ পিছতে ঘটনাই মোৰ সলাইছিল আৰু ৰহস্যজনক পৰিস্থিতিত এছ আই জোনমণি ৰাভাৰ মৃত্যু ঘটিছিল৷ লক্ষীমপুৰ জিলাখনত জাল নোট, নকল সোণৰ ৰমৰমীয়া ব্যৱসায়ে লক্ষীমপুৰৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ পিছতো লক্ষীমপুৰ জিলাখনৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰা বুলি সৰ্বত্ৰ চৰ্চা হৈছিল৷ এনে পৰিস্থিতিত এই দুগৰাকী আৰক্ষী বিষয়াৰ লগতে নাওবৈচাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীব বৰা, বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ চন্দ্ৰ বড়োৰ লগতে লক্ষীমপুৰ সদৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ কলিতা চি বি আইৰ জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ চি আই দলটো লক্ষীমপুৰত আহি উপস্থিত হোৱাৰ পিছতে জাল নোট, নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত দুষ্টচক্ৰৰ এতিয়া টোপনি হৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More