জ্যোতি ভাৰতীত কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী সম্পন্ন

0 18
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১ফেব্ৰুৱাৰীঃ তেজপুৰৰ ঐতিহ্য মণ্ডিত ‘জ্যোতি ভাৰতী’ অৰ্থাৎ পকীত শোণিতপুৰ জিলা কবি সন্মিলনৰ  উদ্যোগত কালি অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ লগতে কবিতা পাঠৰ  অনুষ্ঠান   দিনযোৰা  কাৰ্যসূচীৰে  অনুষ্ঠিত  হৈ যায়।কেবা গৰিকী কবিক  সম্বৰ্ধনা জনোৱাৰ পাছতেই  আৰম্ভ হোৱা মূল সভাত সভাপতিত্ব কৰে জিলা সভাপতি  স্বপন মৈত্ৰই।আনহাতে এই কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি বংশী বৰাৰ লগতে সম্পাদক  পলিমা চেতিয়া বসুমতাৰী, কেন্দ্ৰৰ পত্ৰিকা সম্পাদক  মৃদুল চহৰীয়া, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক দ্বীপ হেষ্টিংচ বড়ি, বিশিষ্ট কবি তথা উপন্যাসিক  দিলীপ ফুকন, বিশিষ্ট কবি নৰহৰি চুতীয়া,  ডলী গোস্বামী আৰু বান থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী।কেন্দ্ৰীয় সভাপতি বৰাই তেওঁৰ ভাষণত জিলা খনৰ সাংগঠনিক দিশ পৰ্যালোচনা কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। আনহাতে সম্পাদক  চেতিয়াই জিলাখনত ভৱিষ্যতে ল’ব লগীয়া পদক্ষেপৰ ওপৰত বক্তব্য ৰাখে।  হেষ্টিংচেই  চমু বক্তব্যত যথেষ্ট পৰামৰ্শ আগবঢ়ায়।একেদৰে পত্ৰিকা সম্পাদক  চহৰীয়ায়ো কবিতাৰ ওপৰত বক্তব্য ৰাখে।ইয়াৰ লগতে জিলাখনৰ ন-পুৰণি প্ৰায় আঢ়ৈ কুৰি কবিৰ দ্বাৰা এক সুন্দৰ তথা মনোগ্ৰাহী কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিতত  হয়। কবিতা পাঠৰ সঞ্চালকৰ আসন গ্ৰহণ কৰে বিশিষ্ট কবি দিলীপ ফুকন দেৱে। জিলা সম্পাদক সংগীতা ৰাজখোৱাই ভৱিষ্যতে কেন্দ্ৰীয় নেতৃত্বৰ গঠন মূলক দিহা  পৰামৰ্শৰ ভবিষ্যতৰ দিন সমুহটো কামনা কৰে। কাব্য মন্ত্ৰ পাঠেৰে সভাখনৰ সফল সামৰণি পৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More