জৰাজীৰ্ণ হৈ পৰিছে কলকতাৰ টালিগঞ্জত থকা ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

কাক, কেতিয়া বিক্ৰী কৰিলে ঐতিহাসিক গৃহটি? 

0 17
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ছেপ্তেম্বৰঃ উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহতো অসম চৰকাৰে উৰিষ্যা চৰকাৰৰ সহযোগত বিশেষ ভাবে সংৰক্ষণৰ ব্যৱস্থা কৰিলে যদিও অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন, বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জত থকা সেই ঐতিহাসিক বাসগৃহতো সংৰক্ষণ কৰাটো দূৰৰে কথা সুধাকণ্ঠ গৰাকীৰ বহু কালজয়ী সৃষ্টিৰ অন্যতম সাক্ষী, ৰাজ্যখনৰ আৰু দেশৰ বহু ক্ষণজন্মা ব্যক্তিৰ পদধূলাৰ স্মৃতিৰে বিজড়িত বাসগৃহতো সম্প্ৰতি জহী খহি যোৱাৰ উপক্ৰম হৈছে। যোৱা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ তথা ভাৰত ৰত্ন গৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই কলিকতা বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ যোৱা অসম সাহিত্য সভাৰ বিষয়ববীয়াৰ দলটিয়ে অসমীয়া জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ সেই ইতিহাস বিজড়িত বাসগৃহতো প্ৰত্যক্ষ কৰিবলৈ  উপস্থিত হোৱাৰ পিছত বাসগৃহটোৰ বৰ্তমানৰ অৱস্থাই সকলোৰে চকু সেমেকাই তোলে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত ধনভড়ালী প্ৰেম নাৰায়ণ নাথ, প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক ড০ অৱনী মোহন চহৰীয়াৰ লগতে অসম সাহিত্য সভাৰ ছয়গৰাকী বিষয়ববীয়া টালিগঞ্জৰ সেই বাসগৃহত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ সময়ত বাসগৃহটোৰ অৱস্থা দেখি সকলোৰে চকু যেন সেমেকি উঠে। এই বাসগৃহৰ অৱস্থাকলৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ অৰ্থে প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ইয়াৰ তথৈবচ অৱস্থাৰ ওপৰত কেনেদৰে দৃশ্য সমূহ আৱদ্ধ কৰি মন্তব্য কৰিছে যে বাসগৃহটি বৰ্তমানে অতি পৰিত্যক্ত অৱস্থাত থকাই নহয়, চিলিং, বেৰ আদি খহি তলত পৰি থকা দৃশ্যই সকলোকে ব্যথিত কৰিব। স্হানীয় তথা কাষৰে কিছু লোকক বাসগৃহটিৰ এনে অৱস্থাৰ বিষয়ে জানিব বিচৰাত ইতিমধ্যে সেই গৃহটি কোনো এগৰাকী ভদ্ৰ মহিলাক বিক্ৰী কৰা হৈছে বুলি অসম সাহিত্য সভাৰ দলটিক জনাই যদিও সেই মহিলা গৰাকীৰ ঠিকনাৰ সন্ধান কৰা হৈছিল যদিও কাষৰ কোনো লোকেই সন্ধান দিব নোৱাৰাত অসম সাহিত্য সভাৰ দলটি হতাশ হৈ পৰে বুলি প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে। প্ৰধান সম্পাদক গৰাকীয়ে অচিৰেই সেই ইতিহাস বিজড়িত বাসগৃহটি যিকোনো প্ৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়। সঁচাকৈয়ে এই ঐতিহাসিক বাসগৃহটো কাৰোবাক বিক্ৰী কৰা হ’ল নেকি? কিয় অসম চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰিলে? এতিয়াও অসম চৰকাৰে এই ঐতিহাসিক বাসগৃহটি বিশেষভাবে সংৰক্ষণৰ ব্যৱস্থা কৰি “ভূপেন্দ্ৰ ভৱন” হিচাপে গঢ়ি তুলিব নোৱাৰে নে? এনে প্ৰশ্ন প্ৰত্যেকগৰাকী স্বাভিমানী অসমীয়াই উথ্থাপন কৰাটো স্বাভাৱিক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More