টাইকোৱানড’ত ৰাজ্যৰ প্ৰথমগৰাকী ব্লেকবেল্ট প্ৰাপক বিপুল ডেকা দুৰ্ঘটনাত নিহত

0 7
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৭এপ্ৰিলঃ টাইকোৱানড’ সমৰকলাত ৰাজ্যৰ প্ৰথম গৰাকী ব্লেক বেল্ট অৰ্জন কৰা তথা তেজপুৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, ক্ৰীড়া সংগঠক বিপুল ডেকা(৫৯)ৰ যোৱা নিশা এক পথ দুৰ্ঘটনাত শোকাৱহ ভাবে মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেঞ্চন প্ৰাপঁক ডেকা যোৱা নিশা প্ৰায় ৮-৩০বজাত বালিপৰাৰ এখন বিয়ালৈ  তেজপুৰৰ পৰা গৈ থকাৰ  সময়ত ঘোঁৰামাৰী ত ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনাটো সংঘটিত হয়৷এএছ ১২ভি ৬৭১৪ নম্বৰ মটৰচাইকেলত বালিপৰালৈ গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ডাম্পাৰে পিছফালৰ পৰা মটৰচাইকেলত খুন্দিয়াই পলায়ন কৰে৷পৰিণতিত ডেকা ঘটনাস্থলীতে নিহত হয়৷উল্লেখযোগ্য যে,এগৰাকী সফল ব্যৱসায়ী ডেকা আৰু তেওঁৰ একাংশ সহযোগীৰ প্ৰচেষ্টাতে ৰাজ্যখনত টাইকোৱানড’ সমৰকলা বিধৰ প্ৰথম প্ৰসাৰ ঘটিছিল আৰু শোণিতপুৰ জিলা টাইকোৱানড’ সন্হাৰ গঠন হৈছিল৷এগৰাকী সুদক্ষ পাঞ্জা খেলুৱৈ হিচাপেও একাধিক প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰা তেজপুৰৰ লালমাটি নিবাসী ডেকাই দৰং মহাবিদ্যালয়ত পঢ়ি থকা সময়ত মহাবিদ্যালয়খনতো ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰনী ভূমিকা পালন কৰিছিল৷ পৰৱৰ্তী সময়ত এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰা ডেকা মৃত্যু পৰ্যন্ত তেজপুৰৰ সামাজিক,সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰৰে জড়িত হৈ আছিল৷শোণিতপুৰ জিলা টাইকোৱানড’ সন্হাৰে ওতপ্ৰোতভাবে জড়িত হৈ থকা  ডেকাৰ শোকাৱহ মৃত্যুত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ ইপিনে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰখনৰ সন্ধান অব্যাহত আছে৷সৰবৰহী ব্যক্তিজনৰ বিয়োগত বহুসংখ্যক বিশিষ্ট ব্যক্তি তথা অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷আজি দিনত মৰাভৰলী ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ডেকাই বিয়োগৰ সময়ত পত্নী,পুত্ৰ,কন্যা সহ আত্মীয় তথা বহু সংখ্যক গুণমুগ্ধক এৰি গৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More