ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট : চীনৰ সতৰ্কবাণীক আওকাণ কৰি আমেৰিকাৰ কংগ্ৰেছৰ (আমেৰিকাৰ সংসদৰ নিম্ন সদন) হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱানৰ মাটিত ভৰি দিলে। তেওঁ আমেৰিকাৰ বায়ুসেনাৰ বিমানেৰে অৱতৰণ কৰাৰ পিছতে টাইৱানৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়ে। এয়া হৈছে যোৱা ২৫ বছৰৰ ভিতৰত টাইৱানলৈ আমেৰিকাৰ সৰ্বোচ্চ চৰকাৰী ভ্ৰমণ। চীনে এই ভ্ৰমণৰ আৰম্ভণিতে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল। পেলোছিৰ বিমান টাইৱানৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে পিএলএই টাইৱানৰ আকাশমাৰ্গলৈ ২০খন যুঁজাৰু বিমান প্ৰেৰণ কৰে। টাইৱানৰ আকাশমাৰ্গ উলংঘা কৰাটো চীনা সেনাৰ বাবে নতুন কথা নহয়। কিন্তু আমেৰিকাৰ উচ্চপদস্থ বিষয়াগৰাকীৰ ভ্ৰমণৰ সময়ত এই পদক্ষেপ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াৰ পূৰ্বে চীনে সকীয়াই দিছিল যে যদিহে পেলোছিয়ে টাইৱানত ভৰি দিয়ে তেন্তে চীনে টাইৱানত ‘সামৰিক অভিযান’ আৰম্ভ কৰিব। এই পৰিস্থিতিত ২০খন পিএলএ যুদ্ধ বিমানে টাইৱানৰ আকাশমাৰ্গ উলংঘা কৰিলে। এনে প্ৰেক্ষাপটত বহুতে যুদ্ধৰ বিপদ দেখিছে। নেন্সি পেলোছি টাইৱানলৈ যোৱাৰ পূৰ্বে জাপানৰ বায়ুসেনা ঘাটিৰ পৰা ১৩খন আমেৰিকান যুদ্ধ বিমান টাইৱানত উপস্থিত হৈছিল। পেলোছিৰ ভ্ৰমণৰ সময়ত আমেৰিকাই ইতিমধ্যে চীনে টাইৱানৰ আকাশমাৰ্গ উলংঘা কৰাৰ সম্ভাৱনাৰ আভাস লাভ কৰিছিল। ইফালে টাইৱানৰ বৈদেশিক মন্ত্ৰী জোচেফ ইউৱে টাইপেইৰ ছংছান বিমানবন্দৰত পেলোছি আৰু আমেৰিকাৰ কংগ্ৰেছৰ প্ৰতিনিধি দলক আদৰণি জনায়। বিমানবন্দৰত পেলোছিৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে আমেৰিকাৰ প্ৰতিনিধি দলটোৱে টৰ্চ লৈ অন্ধকাৰময় ৰাণৱেৰ পৰা খোজ কাঢ়ি গৈ আছে। ইয়াৰ পৰা বহু লোকৰ মনত এটা প্ৰশ্ন উত্থাপন হয়— চীনৰ আক্ৰমণৰ ভয়ত বিমানবন্দৰটো অন্ধকাৰ হৈ পৰিছিল নেকি? ইফালে, পেলোছি টাইৱানত অৱতৰণ কৰাৰ পিছতে চীনে এক সতৰ্কবাণী জাৰি কৰিছে। চীনে এক বিবৃতিত কয়— “এই ধৰণৰ পদক্ষেপ অত্যন্ত বিপজ্জনক, ই জুইৰ সৈতে খেলাৰ দৰে। জুইৰ সৈতে খেলা কৰাসকল জ্বলি ছাই হৈ পৰে।” পিছত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইট কৰি কয় যে পেলোছিৰ টাইৱান ভ্ৰমণৰ প্ৰতিক্ৰিয়া জনাই চীনে নিৰ্দিষ্ট সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব। দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে পিপলছ লিবাৰেচন আৰ্মীয়ে এই পদক্ষেপ গ্ৰহণ কৰিব।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা