অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি
তেজপুৰ নেহৰু ময়দানক লাচিত বাকৰি নামকৰণ কৰিবলৈ দাবী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ নবেম্বৰঃ অসম আৰু অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন অৰ্থাৎ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে আজি দিনটোৰ পুৱাই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখৰ অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন কুমাৰ নাথ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। ১৯৮৭ চনত ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ তৎপৰতাত প্ৰতিষ্ঠা হোৱা মহাবীৰ লাচিত বৰফুকনৰ প্ৰথমটো প্ৰতিমূৰ্তিৰ সন্মুখত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত যোৱা ১৮ নৱেম্বৰৰ পৰা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন কাৰ্য্যসূচী সমূহ সদৰী কৰি লাচিত বৰফুকন তথা আহোম ৰাজবংশৰ যিসমূহ স্মৃতি চিহ্ন জিলাখনৰ বিভিন্ন প্ৰান্তত আছে সেই সমূহ পুনৰ উদ্ধাৰ কৰি ইয়াৰ বিকাশ আৰু উত্তৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্হাপন কৰা নেহৰু ময়দানৰ নাম “লাচিত বাকৰি” কৰিবলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে অসম চৰকাৰক দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহাৰ পিছত আজিৰ এই অনুষ্ঠানতে পুনৰ জিলাৰ সভাপতি নৃপেন কুমাৰ নাথে উপায়ুক্ত আৰু স্হানীয় বিধায়ক গৰাকীক অনুৰোধ কৰাত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই তেজপুৰ পৌৰসভাৰ জড়িয়তে এই সন্দৰ্ভত আৱশ্যকীয় নীতি নিয়ম অনুসৰি ৰাইজৰ মতামত গ্ৰহণ কৰি আগন্তুক সময়ত নামকৰণ সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চেষ্টা কৰিব বুলি ভাষণ প্ৰসংগতে সদৰী কৰে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা শান্তনু বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ মাজতে আজিৰ দিনটোৰ তাৎপৰ্য আৰু লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সন্দৰ্ভত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ প্ৰদান কৰি তেজপুৰৰ এক শুদ্ধ ইতিহাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি অচিৰেই এখন বুৰঞ্জীমূলক গ্ৰন্থ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি কয়। একেদৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা শান্তনু বৰুৱাই লাচিত বৰফুকন সন্দৰ্ভত থকা বুৰঞ্জীৰ তথ্য বিভ্ৰাটৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত সম্পূৰ্ণ গৱেষণালব্ধ ভাবে শুদ্ধ তথ্যৰে বুৰঞ্জীমূলক গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। জিলাৰ সভাপতি নৃপেন কুমাৰ নাথে এই প্ৰতিমূৰ্তি স্হাপনৰ ইতিহাস সদৰী কৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াইও লাচিত বৰফুকনৰ বীৰ গাঁথাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানটিত যুৱছাত্ৰ পৰিষদৰ প্ৰাক্তন জিলা সভাপতি মৃদুল কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী পুষ্পা ডেকাকে ধৰি বিশিষ্ট ব্যক্তিসকলে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। আনহাতে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ সংগ্ৰহালয় অৰ্থাৎ ডাক বাংলো প্ৰাংগনত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত লাচিতৰ প্ৰতিচ্ছবিৰ সন্মুখত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, ৰাজ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰাৰ পিছত
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা সংগ্ৰাহালয় বিষয়াৰ তৎপৰতাত লাচিত বৰফুকনৰ সৈতে সংপৃক্ত আহোম ৰাজবংশৰ কেতবোৰ গুৰুত্বপূৰ্ণ চিত্ৰৰ এখন আকৰ্ষণীয় প্ৰদৰ্শনী আনুষ্ঠানিক ভাৱে ফিটা কাটি উন্মোচন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই । শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটিৰ বিশেষ সভাত ভাষণ প্ৰসংগত উপায়ুক্ত আৰু বিধায়ক গৰাকীয়ে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু লাচিত বৰফুকনৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে, সম্পূৰ্ণ আহোমৰ জাতীয় সাজপাৰ পৰিধান কৰি উপযুক্ত প্ৰমুখ্যে সকলো প্ৰশাসনিক বিষয়া উপস্থিত থকা আজিৰ শোণিতপুৰ জিলা প্ৰশাসনৰ এই কাৰ্যসূচীতে টাই আহোমৰ উপৰি পুৰুষ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই চৰাইদেউৰ পৰা অহা আহোম পুৰোহিতে পৰম্পৰাগত “বানফি” পূজাৰে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কুকুৰা চৰাইকে ধৰি টাই আহোমৰ বিভিন্ন নৈবেদ্যৰে তিনিগৰাকীকৈ টাই পুৰোহিতে সম্পন্ন কৰা এই বানফি পূজাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে প্ৰশাসনিক বিষয়া সকলেও অংশ গ্ৰহণ কৰে। ইয়াৰ সমান্তৰাল ভাৱে আজি লাচিত দিৱসৰ দিনটোত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা উলিওৱা সজাগতামূলক শোভাযাত্ৰাই তেজপুৰ চহৰ মুখৰিত কৰি তোলে।সন্ধিয়া শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পথত চাৰিশ গছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।