ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’বঃ গাডকাৰী

0 46

নতুন দিল্লী, ২১ জুনঃ ২০২৫ চনৰ পৰা সকলো ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’ব লাগিব, যাৰ ফলত প্ৰায়ে ১১-১২ ঘণ্টা অসহ্যকৰ গৰমৰ পৰিৱেশত কটোৱা চালকসকলক অতি প্ৰয়োজনীয় আৰাম প্ৰদান কৰা হ’ব। কঠিন পৰিস্থিতি আৰু পথত দীঘলীয়া সময় কটোৱা চালকৰ প্ৰায়ে লগা ভাগৰেই দুৰ্ঘটনাৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে। ভলভো আৰু স্কেনিয়াৰ দৰে বিশ্বব্যাপী নিৰ্মাণকাৰী কোম্পানীয়ে নিৰ্মাণ কৰা কৰা ট্ৰাকত ইতিমধ্যে এয়াৰ কণ্ডিচনাৰ কেবিন আছে যদিও ভাৰতত নিৰ্মাণ কৰা ট্ৰাকত এতিয়ালৈকে এনে সুবিধা নাই। সোমবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰে যে উদ্যোগটো উন্নীতকৰণৰ বাবে ১৮ মাহ সময়ৰ প্ৰয়োজন হব আৰু বিষয়াসকলৰ সৈতে এ চি বাধ্যতামূলক কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। মন্ত্ৰীজনে কয়- আমাৰ দেশত কিছুমান চালকে ১২ বা ১৪ ঘণ্টা গাড়ীৰ ভিতৰত থকাৰ বিপৰীতে আন দেশত বাছ আৰু ট্ৰাক চালকক কৰ্তব্যৰত ঘণ্টাৰ সংখ্যাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আমাৰ চালকসকলে ৪৩ৰ পৰা ৪৭ ডিগ্ৰী পৰ্যন্ত উষ্ণতাত বাহন চলায় আৰু আমি চালকৰ অৱস্থাৰ কথা কল্পনা কৰিব লাগিব। মই মন্ত্ৰী হোৱাৰ পিছত এ চি কেবিনটো চিনাকি কৰাই দিবলৈ আগ্ৰহী আছিলো। কিন্তু খৰচ বাঢ়িব বুলি একাংশ লোকে বিৰোধিতা কৰে। ইতিমধ্যে যোৱা সোমবাৰে মই ফাইলত স্বাক্ষৰ কৰিছো যে সকলো ট্ৰাকৰ কেবিন এ চি কেবিন হ’ব।’-এটা অটোম’বাইল কোম্পানীয়ে আয়োজন কৰা এক অনুষ্ঠানত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More