ঠিক যেন আঙুলিৰ ছাপ ! এটা অদ্ভুত দ্বীপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্ট : বিশ্বৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ দ্বীপ সিঁচৰতি হৈ আছে। ইয়াৰে অধিকাংশ দ্বীপক পৰ্যটনস্থলী হিচাপে গণ্য কৰা হয়। বহুক্ষেত্ৰত মূল ভূখণ্ডত বাস কৰা বাসিন্দাসকলে ছুটীৰ বাবে দ্বীপবোৰলৈ যায়। কিছুমান দ্বীপে নিজৰ সৌন্দৰ্যৰ বাবে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছে। মুঠতে প্ৰতিটো দ্বীপৰ নিজস্ব বৈশিষ্ট্য আছে। দ্বীপবোৰে সাধাৰণতে পৰ্যটকক আকৰ্ষণ কৰে। কিন্তু আজিৰ প্ৰতিবেদনত আমি এনে এটা দ্বীপৰ প্ৰসংগ দাঙি ধৰিম, যাৰ বিষয়ে বহুতে হয়তো নাজানে। মূলতঃ ক্ৰ’ৱেচিয়াত এটা দ্বীপ আছে যিটো আকাশৰ পৰা এটা বিশাল আঙুলিৰ ছাপৰ দৰে দেখা যায়। এই সন্দৰ্ভত ডেইলী মেইলৰ এক প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে যে বাভলজেনাক (Bavljenac) বা বালজেনাক (Baljenac) নামৰ দ্বীপটো আকাশৰ পৰা চালে এটা ডাঙৰ আঙুলিৰ ছাপৰ দৰে দেখা যায়। এড্ৰিয়াটিক সাগৰত অৱস্থিত এই দ্বীপটোৰ আয়তন ০.১৪ বৰ্গ কিলোমিটাৰ। মূলতঃ এই অ’ভেল আকৃতিৰ দ্বীপটো শিলৰ দেৱালেৰে নিৰ্মাণ কৰা হৈছে। এই দেৱালবোৰ একেলগে যোগ কৰিলে ইহঁতৰ দৈৰ্ঘ্য হ’ব প্ৰায় ২৩ কিলোমিটাৰ।
* অষ্টাদশ শতিকাৰ দেৱাল
এই প্ৰসংগত ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰীয় পৰ্যটন ব’ৰ্ডে কয় যে চুবুৰীয়া দ্বীপ কাপ্ৰিজেত বাস কৰা কৃষকসকলে এই দ্বীপটো কৃষিৰ বাবে ব্যৱহাৰ কৰিছিল। মূলতঃ সেই কৃষকসকলে দ্বীপটোক কৃষিযোগ্য কৰি তুলিছিল আৰু নেমু আৰু আঙুৰৰ দৰে ফলৰ খেতি কৰিছিল। এনে ক্ষেত্ৰত প্ৰচণ্ড বতাহৰ পৰা ফলবোৰ ৰক্ষা কৰিবলৈ আৰু ভূমি বিভাজন কৰিবলৈ শিলৰ দেৱাল নিৰ্মাণ কৰা হৈছিল। জনা যায় যে এই দেৱালসমূহ অষ্টাদশ শতিকাত নিৰ্মাণ কৰা হৈছিল। মূলতঃ এইবোৰ ড্ৰাই ষ্টোন ৱালিং নামৰ কৌশল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। শিল ষ্টেক কৰি আৰু আন্তঃসংলগ্ন কৰি স্থাপন কৰা হয়।
* গছবোৰ নাই যদিও দেৱালবোৰ আছে
এতিয়া দ্বীপটোত ফলমূলৰ গছ নাই। কিন্তু সেই দেৱালবোৰ এতিয়াও থিয় হৈ আছে। ২০১৮ চনৰ পৰা সংৰক্ষণ কৰি ৰখা হৈছে আৰু ইউনেস্কোৱে ইয়াক Intangible Cultural Heritageৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। তদুপৰি এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক এই দ্বীপটো চাবলৈ আহে। মন কৰিবলগীয়া যে চাইবেনিক দ্বীপপুঞ্জৰ ২৪৯টা দ্বীপৰ ভিতৰত বালজেনাক অন্যতম।