ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

0 14

গুৱাহাটী, ২৯ মে’: অসম ডন ব’স্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত ২৯ মে’ ২০২৩ তাৰিখে এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়৷ কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে গ্লোবেল প্ৰেচিডেণ্ট এণ্ড চিইঅ’, ইকোডাছ ইনক., আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু ভাৰত তথা নৰ্থ ইষ্ট ইণ্ডিয়া বিউজিনেছ কাউঞ্চিলৰ প্ৰেছিডেণ্ট মাৰ্ক বৰদলৈ৷ সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে৷ মাৰ্ক বৰদলৈক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড০ বুলজিৎ বুঢ়াগোহাঁইয়ে৷ ড° বুঢ়াগোহাঁয়ে কৰ্মশালাখনৰ আদৰণি ভাষণ প্ৰদান কৰে৷ কৰ্মশালাখনত শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে৷মাৰ্ক বৰদলৈয়ে শৃংখলাবদ্ধ জীৱনে ইঞ্জিনিয়াৰিঙৰ সকলো শাখাৰ শিক্ষাৰ্থীয়ে কেনেদৰে এক সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে তাৰ বিশদ ব্যাখ্যা আগবঢ়ায়৷ বৰদলৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত উচ্চ অধ্যয়নৰ লগতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ সময়ত কেনেদৰে ধন উপাৰ্জন কৰিব পাৰে তাৰ তথ্যও ভাগ বতৰা কৰে৷ এজন উদ্যোগী আৰু কমিউনিটি নেতা হিচাপে মাৰ্ক বৰদলৈয়ে ভাৰতৰ তিনিখন চহৰ আৰু কানাডাত নিজৰ কোম্পানী সম্প্ৰসাৰণ কৰিছে৷ ভাৰতৰ মুখ্য কাৰ্যালয় চফটৱেৰ ডেভেলপমেণ্ট চেণ্টাৰ হিচাপে গুৱাহাটীত আৰু আন কাৰ্যালয় নয়ডা আৰু হায়দৰাবাদত আছে৷ বৰ্তমান তেওঁ কোম্পানীটোত ৭৫জন কাৰ্যবাহী কৰ্মৰত৷ কৰ্মশালাখনত ড° বুলজিৎ বুঢ়াগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More