ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

জিলা সাংবাদিক সন্থাৰ আগন্তুক অধিবেশনখন তিনিচুকীয়াত

0 16
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩  ফেব্ৰুৱাৰীঃ ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে কবিতাৰ গুঞ্জনেৰে দেওবাৰে মুখৰিত হৈ উঠে ডিগবৈ প্ৰেছ ক্লাবৰ বাকৰি ৷ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰা ’মাঘৰ এটি কবিতাৰ দিন’ শীৰ্ষক কবি সমাৰোহখন সঞ্চালনা কৰে বিশিষ্ট কবি নিৰূপমা গোস্বামীয়ে। বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই উদ্বোধন কৰা অনুষ্ঠানটোত  তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা, সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওঁগ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে তনুশ্ৰী শৰ্মাই বায়ন দীপাংকৰ শৰ্মাৰ সহযোগত এটি বৰগীতেৰে মঙ্গলাচাৰণ কৰে৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ড° ঋষি দাস, উপ-সভাপতি কমল তালুকদাৰ, কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বিজয় দত্ত, ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰাজু হাজৰিকা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিখিল কোঁচ অতিথি ৰূপে উপস্থিত থকা কবি সমাৰোহখনিত অলি সোণোৱাল দে, বৈজয়ন্তী গগৈ বড়া, মিনাক্ষী গগৈ, ইলা বৰা, স্বপ্না বৰগোঁহাই, মঞ্জুলা বড়া, জ্যোতি প্ৰভা শইকীয়া দাস, অঞ্জনা হাজৰিকা, নবযানী বৰুৱা শইকীয়া, স্বপ্না সন্দিকৈ নেওগ, অনুশ্ৰী সোণোৱাল গগৈ, তনুশ্ৰী শৰ্মা, পাৰুল গগৈ, চ্যুহুম সন্দিকৈ, ৰিদীপ বৰুৱা, ক্ষীৰেশ্বৰ শৰ্মা, অপূৰ্ব হাজৰিকা, মামনি ডেকা চন্দ্ৰমা শইকীয়া বড়া, মীনাক্ষী দত্ত, মনজিৎ ৰাজখোৱা, স্বপ্নালী গগৈ বড়া, ৰাণুমনি কোঁৱৰ শইকীয়াকে ধৰি দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলে৷ অনুষ্ঠানৰ আঁত ধৰে ডিগবৈ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে। আনহাতে শনিবাৰে অনুষ্ঠিত ডিগবৈ প্ৰেছ ক্লাবৰ সাধাৰণ সভাত আগন্তক কাৰ্যকালৰ বাবে ৰাজু হাজৰিকাক সভাপতি, সুজয় ভৌমিকক উপ-সভাপতি, মনোৰঞ্জন দাসক সাধাৰণ সম্পাদক, দীপাংকৰ শৰ্মাক সহকাৰী সম্পাদক, নজৰুল ইছলামক কাৰ্যালয় সম্পাদক, আৰমান আলীক কোষাধ্যক্ষ, বিনোদ বাগ্ৰা, দীনেশ গুপ্তা, বিষ্ণু ফুকন, ৰুণু হাজৰিকাক কাৰ্যনিৰ্বাহক সদস্য আৰু ৰমনি বুঢ়াগোহাঁইক পদেন সদস্য হিচাপে লৈ ডিগবৈ প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয় । আনহাতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এখন  কাৰ্যনিৰ্বাহক সভাও দেওবাৰে ডিগবৈ প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জিলা সাংবাদিক সন্থাৰ আগন্তুক দ্বি-বাৰ্ষিক অধিবেশনখন তিনিচুকীয়া প্ৰেছ ক্লাবৰ আতিথ্যত ২৫ আৰু ২৬ মাৰ্চত আয়োজনৰ সিদ্বান্ত গ্ৰহণ কৰা হয় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More