ডিজিটেলাইজড ৰূপত বিভাগত উপলব্ধ হ’ব মথাউৰিৰ তালিকা

ভিডিঅ’ কনফাৰেন্সযোগে পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকা

0 12

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰৰ পৰা জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সত অংশ লয়। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া আৰু অভিযন্তাৰ পৰা বৰ্তমানে ৰাজ্যখনৰ বান আৰু খহনীয়া পৰিস্থিতিত বুজ লয়। বিভাগীয় সকলো অভিযন্তাকে অনাগত এটা মাহ সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দি বিভাগীয় বৈঠক আৰু আন পৰ্যালোচনা বৈঠকসমূহক গুৰুত্ব সহকাৰে লবলৈ তেওঁ সকলোকে নিৰ্দেশ দিয়ে। ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীগৰাকীয়ে বিভাগৰ সংমণ্ডল আৰু উপমণ্ডলৰ সকলো বিষয়াকে তেওঁলোকৰ অঞ্চলত থকা মথাউৰিসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। এই তালিকাক মথাউৰিসমূহৰ প্ৰথম নিৰ্মাণৰ সময়, পৰৱৰ্তী সময়ত কৰা মেৰামতি আৰু বৰ্তমানৰ স্থিতিৰ সকলো তথ্য সামৰি ডিজিটেলাইজড ৰূপত প্ৰকাশ কৰিবলৈ তেঁও নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ সকলো মথাউৰিৰ তথ্য এনেদৰে ডিজিটেলাইজড প্ৰক্ৰিয়াৰে সাজু কৰি ৰাখিলে ভৱিষ্যতে প্ৰাথমিকতা অনুসৰি মথাউৰিসমূহৰ কাম কৰিবলৈ সহজ হ’ব। এনে তথ্যসমৃদ্ধ তালিকা এখন প্ৰস্তুত হোৱাৰ পাছত আটাইতকৈ বেছি প্ৰয়োজনীয় হৈ থকা মথাউৰিসমূহ বাচনি কৰি কাম কৰিবলৈও সুবিধা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে নিৰ্দিষ্ট দূৰত্বৰ অন্তৰালত ৰেললাইনত কালভাৰ্ট থকাৰ দৰে মথাউৰিসমূহতো ৪ৰ পৰা ৫ কিলোমিটাৰৰ দূৰত্বত মানুহৰ বসতি নথকা স্থানত শ্লুইছ গেটৰ ব্যৱস্থা কৰিলে মথাউৰিসমূহ সবলীকৰণ হ’ব পাৰে নেকি বুলিবএই বিষয়ত প্ৰয়োজনীয় গৱেষণা কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আজি বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। লগতে মন্ত্ৰী হাজৰিকাই অভিযন্তাসকলক কয় যে অহা চেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিভাগৰ সকলো অভিযন্তাক লৈ দুদিনীয়াকৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা হ’ব। য’ত বিভাগৰ সকলো অভিযন্তাই অসমত বানপানী নিয়ন্ত্ৰণ কৰাৰ বাবে তেওঁলোকৰ গৱেষণামূলক আৰু অভিজ্ঞতামূলক ধাৰণাসমূহ মুকলিকৈ আলোচনা কৰিব। আনহাতে বিগত সময়ত অসমৰ যিকেইটা বান অধ্যুষিত অঞ্চলত বিভাগে কিছু নতুন ধৰণে কাম কৰি সফলতা লাভ কৰিছে সেই অঞ্চলকেইটাত কৰা কামৰ বিষয়েও সংশ্লিষ্ট অভিযন্তাসকলে সকলোৰে লগত আলোচনা কৰিব। ভিডিঅ’ কনফাৰেন্সতে মন্ত্ৰীগৰাকীয়ে বিগত বাৰিষাৰ সময়ত বিভাগৰ পৰা দিয়া পুঁজি আৰু বান প্ৰতিৰোধ সামগ্ৰীৰো খতিয়ান লয়। ৰাজহুৱা পুঁজি সঠিক কামত যাতে ব্যৱহাৰ হয় তাৰ প্ৰতি চকু ৰাখি সকলোকে কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। এইবাৰৰ বাৰিষাত খৰচ কৰা পুঁজি আৰু সামগ্ৰীবোৰৰ সঠিক হিচাপ ৰাখিবলৈ তেওঁ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে। লগতে যিসমূহ সংমণ্ডলত এইবাৰ প্ৰতিৰোধ সামগ্ৰী ৰৈ গৈছে, সেইবোৰ ভালদৰে ৰাখি পৰৱৰ্তী সময়ত ব্যৱহাৰৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আনহাতে সংমণ্ডল অনুযায়ী বিভাগীয় কামৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে শিলচৰত তেওঁ দেখি অহা এটা অভিজ্ঞতাৰ কথা কয়। তেওঁ কয় যে শিলচৰৰ বেঠুকান্দিত বৰাক নদীতে প্ৰায় ১০০ মিটাৰ দূৰত্বত দুই স্থানত মথাউৰি খহাবলৈ আৰম্ভ কৰিছিল। কিন্তু বিভাগীয় অভিযন্তা কৰ্মচাৰীৰ প্ৰচেষ্টাত এই দুই স্থানতে মথাউৰিৰ ক্ষতি নোহোৱাকৈ থাকিবলৈ সক্ষম হ’ল আৰু ইয়াৰ বিপৰীতে কোনো দুৰ্বৃত্তই ক্ষতি হোৱা অঞ্চলৰ পৰা ১০০ মিটাৰ দূৰত্বত মথাউৰি কাটি দিয়াৰ ফলতহে বানৰ সৃষ্টি হৈছিল। অসমত বহুকেইটা অঞ্চলত এনেদৰে বিভাগীয় প্ৰচেষ্টাৰ বাবে বহুকেইটা মথাউৰি চিগাৰ পৰা ৰক্ষা পৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই বিভাগীয় সকলোৰে শলাগ লয়। উল্লেখ যে বিগত সময়ত দুটাকৈ বানত ৰাজ্যখনৰ জলসম্পদ বিভাগৰ প্ৰায় ৪০ টা মথাউৰি ভাঙিছিল। আনহাতে বৰাক উপত্যকাত নদী খহনীয়া ৰোধৰ বাবে সাজু কৰা কামৰ এষ্টিমেটবোৰ প্ৰকৃত হিচাপ অনুসৰিহে কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে। আজিৰ ভিডিঅ’ কনফাৰেন্সত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু উচ্চ পদস্থ বিষয়াসকলৰ লগতে সংমণ্ডল আৰু উপ-সংমণ্ডলৰ অভিযন্তাসকলে সংশ্লিষ্ট জিলা আৰু মহকুমাৰ পৰা যোগ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More