অৰিন্দম তালুকদাৰ
সৌ সিদিনা আমাৰ প্ৰাক্তন ছাত্ৰ বন্ধু পাঠশালাৰ বনজিৎ তালুকদাৰে দুপৰীয়া বৰ স্ফূৰ্তিত ফোন কৰি ক’লে,-ছাৰ আপুনি মুছলপুৰলৈ আহিলে বেলগুড়ি চকৰ ডি পি হোটেলত ভাত এসাঁজ যেনে তেনে খাব। এইদৰে কৈ তেওঁ ফোনতে ডিপি হোটেলৰ অনন্য খাদ্য সম্ভাৰৰ এক মনোমোহা বৰ্ণনা দিলে আৰু আবেলিলৈ ডি পি হোটেলক উচ্চ প্ৰশংসা কৰি ফোন নম্বৰসহ ফেচবুকত এটা পোষ্ট দিলে। বনজিৎ নিজে এগৰাকী ভোজন বিলাসী মানুহ, তেওঁ কৈছে যেতিয়া ডি পি হোটেলৰ খানা যে অনন্য হ’ব সেয়া আমাৰ বুজিবলৈ বাকী নাথাকিল । আমিও পলম নকৰি দুদিনমান আগতে বাক্সা জিলাৰ সদৰ ঠাই মুছলপুৰলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। মোৰ মুছলপুৰলৈ যোৱাৰ উদ্দেশ্যে আছিল দুটা- প্ৰথমটো হ’ল মুছলপুৰৰ পৰা ১৮ কিলোমিটাৰ আঁতৰত ভূটান পাহাৰৰ কিনাৰত গঢ় লৈ উঠা পৰ্যটনথলী দাৰাগাওঁ দৰ্শন কৰা আৰু ভূটানখুটিৰ সমীপৰ শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা মইনাপুখুৰীৰ ভূমিচম্পা দেৱীৰ মন্দিৰৰ বিষয়ে অৱগত হোৱা তথা এইখিনি সম্পন্ন কৰাৰ পাছত মুছলপুৰৰ ডি পি হোটেলত এসাঁজ খোৱা। এই ভ্ৰমণত মোক সংগ দিলে আমাৰ বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ মুছলপুৰৰ ওচৰৰ নিকাচিৰ তিলক নেপালে। দাৰাগাঁও আৰু মইনাপুখুৰী চাই আহি আমি দুপৰীয়া এক বাজি পোন্ধৰ মিনিটমান যোৱাত ডিপি হোটেলত উপস্থিত হ’লো। ডিপি হোটেললৈ ভাত খোৱাকৈ যাম বুলি আমি আগনিশাই হোটেলৰ মালিক পাছৱান বসুমতাৰীক ফোন কৰি কৈ থৈছিলো। পাছৱান বসুমতাৰীয়ে আমাক সহজতে চিনি পালে, সাদৰ সম্ভাষণ জনাই আথে বেথে বহুৱাই কথা-বতৰা আৰম্ভ কৰিলে। মুছলপুৰ নগৰৰ পৰা আধা কিলোমিটাৰমান আঁতৰৰ বেলগুড়ি চকত মুছলপুৰ-নিকাচি পথৰ কিনাৰত নিজৰ মাটিত দুই উদ্যমী ভাতৃ ডেটশ্বুং আৰু পাছৱান বসুমতাৰীয়ে এই বছৰৰ আৰম্ভণিতে মুকলি কৰিছে ডিপি হোটেল নামৰ ভোজনালয়খন। পেশাগত ভাৱে ব্যৱসায়ী দুই ভাতৃয়ে জমা পুঁজি আৰু বেংকৰ ঋণ লৈ মাটি ক্ৰয় কৰাৰ উপৰি এটা অসম আৰ্হিৰ গৃহ আৰু ভোজনালয়ৰ বাবে প্ৰয়োজনীয় ফাৰ্ণিচাৰ,বাচন-বৰ্তন আদি কৰি আন সকলো আছবাব পত্ৰ যোগাৰ কৰিছে। ডিপি হোটেলত ৩৬ জন মানুহে বহি খাব পৰা ভোজন গৃহটোৰ ভিতৰখন আহল-বহল, অতি চাফ-চিকুণ,ৰ’দ পৰি জলমলাই থকা ঘৰটোৰ খোৱা মেজ চকী আদিও যথেষ্ট ভাল। পাছৱান বসুমতাৰীৰ লগত আৰু কথা পাতি গম পালো ভৱিষ্যতলৈ ডিপি হোটেলক থকা-মেলা আৰু খোৱা-বোৱাৰ এখন পূৰ্ণাঙ্গ উচ্চ মানৰ হোটেললৈ ৰূপান্তৰ কৰাৰ তেওঁলোকৰ ইচ্ছাৰ কথা। কথা প্ৰসংগত বৰমা কলেজৰ পৰা স্নাতক ডিগ্ৰীলোৱা পাছৱান বসুমতাৰীয়ে ক’লে- তেওঁলোক দুয়ো ভাতৃয়ে হেনো অতিথি আপ্যায়ন কৰি, খুৱাই-বোৱাই ভাল পায় সেয়ে অইন ব্যৱসায়তকৈ হোটেল ব্যৱসায়ত অধিক প্ৰাধান্য দিছে। কথাষাৰৰ গূঢ়াৰ্থ বুজিবলৈ আমাৰ সৰহপৰ নালাগিল। যথা সময়ত ধুনীয়াকৈ সজোৱা কাঁহৰ কাঁহীত ভাত আহিল। আমি সৰু মাছ ভাজি আৰু কুকুৰাৰ মাংস ভাতৰ অৰ্ডাৰ কৰিছিলোঁ,
কিন্তু আমাৰ সন্মুখত এয়া কি? কাঁহী এখনত ভাতৰ লগতে তিনিটা বাটিত মুগ-মচুৰ দাইল, মাটিমাহৰ দাইল আৰু বড়ো খাদ্য অন্ লা লগত আন এখন সৰু থালত কেবাবিধো শাক-পাচলিৰ ভাজি-তৰকাৰী।ইয়াৰ উপৰি আন বাটিয়ে বাটিয়ে মাছ ভাজি, মাংসৰ আঞ্জা, তিনি প্ৰকাৰমান চাটনি, আচাৰ, কেঁচা চালাড। ডিপি হোটেলত এনেদৰে বত্ৰিশ ব্যঞ্জনেৰে অতিথিক আপ্যায়িত কৰে বুলি আমি ইতিমধ্যেই বনজিৎৰ পৰা গম পাইছিলো
যদিও খাদ্যবোৰ চাই নিয়মীয়া প্লেটাৰখনৰ বাহিৰেও আন কিছুমান অতিৰিক্ত ব্যঞ্জনো আমাক জুতি ল’বলৈ দিয়া যেন লাগিল। এইবোৰ দেখি আমাৰ বুজিবলৈ বাকী নাথাকিল যে পাছৱান ভাইটিয়ে ইতিমধ্যে আমাৰ ভোজন বিলাসিতাৰ গম্ গতি বুজ লৈছে। আমি পাছৱান বসুমতাৰীক খুজি দুখন খোৱা চামুচ অনালো, উদ্দেশ্য খাদ্য অপব্যায় নকৰি সকলো ব্যঞ্জনৰে অকণ অকণ জুতি লবলৈ চেষ্টা কৰা, মাছ- মাংসতকৈ খৰিৰে চৌকাত ৰন্ধা শাক-পাচলিবোৰৰ আঞ্জা, তৰকাৰীখিনিৰ প্ৰতি আমাৰ আগ্ৰহ বেছি আছিল। পাছৱান বসুমতাৰীয়ে এবিধ এবিধকৈ থলুৱা ব্যঞ্জনবোৰৰ সৈতে চিনাকি কৰি দিছিল।
ভাত, দাইল, অন্ লাৰ কাঁহীখনৰ বাহিৰেও কাষৰ থালখনত আছিল কচুৰ থোৰৰ জালুকীয়া, কচু পাতৰ ভাজি, কলমৌ শাকৰ থুপথুপীয়া টেঙেচি আঞ্জা, আলু ভাজি, পটল ভাজি, ভেন্দি ভাজি, মেচকা(টেঙা মৰাৰ পাত?) টেঙাৰ চাটনি। আন আন বাটিত ঢেঁকীয়া শাকৰ সেউজীয়া ভাজি, কোমল মূলা পাতৰ থুপথুপীয়া খাৰ, মিহিকৈ কুটা পিঁয়াজ আৰু সৰহকৈ তেল, কেঁচা জলকীয়া দি কৰা বটিয়া আৰু পুঠি মাছৰ শুকান ভাজি, ৰঙাকৈ ভজা পিঠিত খাঁজ কটা গোটা ভাঙন মাছ ভাজি, কুকুৰা মাংসৰ ঘৰুৱা জোল আৰু আলু দি গোটাকৈ ৰন্ধা পঠাৰ মাংস। সোণাশক্তি চাউলৰ জৰ্জৰীয়া ভাতৰ সৈতে মই প্ৰথমে কোমল মূলা পাতৰ খাৰখিনি খালো। আহ্ কি সোৱাদ ! খাৰৰ আঞ্জাখনৰ খাৰুৱা সোৱাদটো জিভাত লগাৰ লগতে সেউজীয়া হৈ থকা শাকখিনি খাই বৰ জুতি লাগিল। কচুৰ থোৰ আৰু পাতৰ দুয়োবিধ ব্যঞ্জনেই চামুচেৰে অকণ অকণ লৈ খাই চাই মই শুকান মূলাৰ শুঁঠিৰে কৰা অন্ লা অৰ্থাৎ পিঠাগুড়িৰ আঞ্জাৰে অলপ ভাত খালো।
সাধাৰণতে এনে অন্ লাত(অন্ লা ডাও) মুৰ্গীৰ মাংস মিহিকৈ কুটি দিয়া হয়। আমি খোৱা অন্ লাখনত মাংসৰ পৰিৱৰ্তে মূলাৰ শুঁঠি আছিল যদিও সোৱাদ অপূৰ্ব হৈছিল। যিকোনো বড়ো খাদ্য সম্ভাৰৰ অপৰিহাৰ্য ব্যঞ্জন এই পিঠাগুড়িৰ খাৰুৱা আঞ্জাখনৰ লগত কোনো কৰ্ণফ্লাৱাৰেৰে ৰন্ধা আঞ্জাই পাত্তা নাপায়। ইয়াৰ পাছত আমি দুচামুচমান মাটি দাইল খালো। এইবাৰ মচুৰ দাইল আৰু ভাতৰ লগত মিহিকৈ কুটা পিঁয়াজ আৰু সৰহকৈ কেঁচা জলকীয়া দি কৰা বটিয়া আৰু পুঠি মাছৰ শুকান ভাজিখনৰ জুতি ল’লো। মই বিনয়ৰে ৰঙাকৈ ভজা ভাঙন মাছটো ঘূৰাই দিলো। ভাত দাইল খাই থাকোতে লগত ৰঙালাউ আলুৰ তৰকাৰীখন এচামুচ খাই চালো। চৌকাত ৰন্ধা গলি যোৱা তৰকাৰীখনৰ ৰঙালাউৰ মিঠা সোৱাদতো বাৰুকৈয়ে মুখত লাগিছিল। ইয়াৰ উপৰি কাষৰীয়া কৈ থকা পদিনা বটা, মেচ্ কা টেঙাৰ চাটনি অকণ অকণ সানি খালো। হেন সময়তে হোটেলৰ গৰাকী পাছৱান বসুমতাৰীয়ে নিজ হাতে সৰুবাটি এটাত কঁঠালৰ মুচিৰ আচাৰ লৈ আহিল। এয়া হেনো তেওঁলোকৰ হোটেলৰ অন্যতম আকৰ্ষণ, তেওঁৰ বায়েকে ওদালগুৰিৰ পৰা কৰি দি পঠিয়ায়। পাঁচ ফোৰণ আৰু বগা সৰিয়হৰ গুড়ি মিহলাই কৰা আচাৰখিনিৰ মচলা মিহলি তেল দুটোপমান দাইলৰ লগত সানি খাই মজা লাগিছিল। সাধাৰণতে হোটেলৰ খাদ্যত এনে থলুৱা আৰু ঘৰুৱা ব্যঞ্জনবোৰৰ ইমান সোৱাদ পোৱা নাযায় যদিও ডি পি হোটেলৰ খাদ্য কিন্ত সচাকৈয়ে ব্যতিক্ৰমী আছিল। অতি সোৱাদৰ উল্লিখিত আঞ্জা তৰকাৰীবোৰ অলপ অলপকৈ খালেও আমাৰ পেটত মাংস খাবলৈ দৰাচলতে আৰু ঠাই নোহোৱা হৈছিল। তথাপি অন্যান্য আঞ্জাৰ লেখীয়াকৈ আমি মুৰ্গী আৰু পঠাৰ মাংস উভয়ৰে অলপ অলপ খালো আৰু দুয়োখন আঞ্জাৰে অনন্য আৰু ভিন্ন সোৱাদ পালো। সৰু সৰু কৈ কটা মাটি মাহৰ দাইলৰ গুড়িৰে কৰা মুৰ্গী মাংস (সবাই ডাও) আৰু ছাগলীৰ মাংস খিনি কোমল আছিল আৰু বৰ ভালকৈ সিজিছিল। মাংসৰ জোলখিনিত জালুক- জলকীয়াৰ জলা সোৱাদটো বাৰুকৈয়ে আছিল। আমাৰ ছাত্ৰ তিলক নেপালেও ভাত সাঁজৰ খুব জুতি পালে যদিও বেচেৰাই কেইবিধমান খাদ্য চুবই নোৱাৰিলে,তাৰ হেনো পেট ভৰি গ’ল। তিলকহঁত ডেকা ল’ৰা, মাংস খাই ভাল পায়, তাক আমাৰ ভাগৰ মাংস এখিনিমান জোৰ কৰি খুৱালো। আমাৰ গাড়ী চালক ধ্ৰুৱ চৌধুৰীয়ে গাহৰিৰ মাংসৰ ভাজি খাই খুব জুতি পোৱা বুলি কৈছিল। এনেদৰে ডি পি হোটেলত অতি সুস্বাদু এসাঁজ ভাত খাই আমি পৰম তৃপ্তি পাইছিলো। বিশেষকৈ পাছৱান বসুমতাৰী আৰু কৰ্মচাৰীসকলৰ আন্তৰিক, অকৃত্ৰিম আতিথ্যই আমাৰ অন্তৰ জয় কৰি পেলাইছিল। ডিপি হোটেলখনৰ সকলো দিশ চাই আমাৰ অনুভৱ হ’ল তেওঁলোকে সোনকালে পাকঘৰটো স্থায়ী কৈ নিৰ্মাণ কৰা উচিত। ইয়াৰ উপৰি প্ৰসাৱগাৰ আৰু শৌচালয়বোৰ আৰু অলপ সুবিধাজনক কৰি তোলক। আমাৰ ব্যক্তিগত পছন্দৰ কথা কবলৈ হ’লে ইমান সুন্দৰ ভাত সাঁজত থলুৱা জহা বা আইজুং চাউল দিলে আৰু বেছি ভাল পালো হয়। আমাৰ বোধেৰে এনে এসাঁজ ভাতৰ লগত পাপৰ ভজা দিয়াৰ দৰকাৰ নাই তাৰ পৰিৱৰ্তে কিবা এবিধ বড়, পোৰা বা পিটিকা দিব পাৰে। মধুৰান্ন ৰূপে কʼলা চাউলৰ পায়স নহলেবা দৈ জাতীয় এবিধ দিব পাৰে। খাদ্য সম্ভাৰৰ ক্ষেত্ৰত কেৱল সংখ্যাত গুৰুত্ব নিদি ব্যঞ্জনসমূহৰ সময় অনুযায়ী সাল সলনি ঘটাই গুণগত মানৰ জুতি লগা থলুৱা খাদ্য পৰিবেশন কৰাৰ কথা মনত ৰাখি আগবাঢ়ি গ’লে পাছৱান ভাতৃদ্বয়ৰ সপোন নিশ্চয় পূৰ্ণ হ’ব।
বাজৈ বা আই হোটেলৰ লেখীয়াকৈ ডিপিও হ’ব পাৰিব অসমৰ এক সুস্বাদু ব্ৰেন্ড। ডিপি হোটেলৰ বত্ৰিশ ব্যঞ্জনৰ সোৱাদ লাগি আছে বত্ৰিশ দাঁতত। মুছলপুৰলৈ গ’লে ডি পি হোটেলত এসাঁজ খাই আপোনালোকৰ মতামত জনাব বুলি আশা ৰাখিলোঁ।
(আলোকচিত্ৰঃ লেখকৰ)
বৰ লোভ লগা বিৱৰণী, এই লিখনিটি পঢ়ি সিদ্ধান্ত ললো খুউব সোনকালেই পৰিয়াল সহ যাম ডি.পি.হোটেলৰ দুপৰীয়াৰ ভাত এসাঁজৰ সোৱাদ লবলে
plz sent your phone no to 7002313100 ( Shatabda Editorial Unit)