ডিপোতা নৈত সন্ধানহীন পুত্ৰঃ বৰ জীয়াৰীৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্নঃ তেজপুৰৰ এটা পৰিয়ালত হাঁহাকাৰ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৯জুনঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে ৰাইজৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি কৰিছে।বাঢ়নী পানীত নিজৰ পুত্ৰ উটি যোৱা চাৰিটা দিনৰ পাছতো কোনো সন্ধান নোলোৱাৰ পাছত বৰ জীয়াৰী সন্ধানত ভাগি পৰিছে পৰিয়ায়টো।উল্লেখ্য যে, তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা চাৰিদিন হ’ল যদিও ২২বছৰীয়া যুৱকজনৰ সন্ধান বৰ্তমানলৈকে ওলোৱা নাই৷ আজিও ডিপোতা নৈত এছডিআৰএফৰ উদ্ধাৰকাৰী দলে দীঘলীয়া সময় অভিযান চলালেও নিৰুদ্দিষ্ট যুৱকজনৰ সন্ধান ওলোৱা নাই৷ ইপিনে পুত্ৰ শোকত ম্ৰিয়মাণ দৰিদ্ৰ পৰিয়ালটোৱে এই সময়তে তেওঁলোকৰ বৰ জীয়াৰী আশ্ৰীতা ভেংৰাক লৈয়ো চৰম দুশ্চিন্তাত দিন অতিবাহিত কৰিছে৷ ২০১৩ৰ মাৰ্চ মাহত বিন্দুকুৰিৰ আবু আনচাৰী নামৰ এজন লোকে ঘৰত অভিভাৱক নথকা অৱস্থাত সেইসময়ৰ কিশোৰী আশ্ৰীতাক আনচাৰীৰ ঘৰলৈ নিয়া বুলি অভিযোগ কৰি পৰিয়ালটোৱে লগতে কয় যে,পাছত আশ্ৰীতাক দিল্লীৰ কোনো পৰিয়ালক গতাই দিয়ে আনচাৰীয়ে৷ ইপিনে আশ্ৰীতাৰ পিতৃ-মাতৃয়ে জীয়াৰীৰ খবৰ লাভ নকৰা হোৱাৰ বিপৰীতে আনচাৰীয়ে আশ্ৰীতাক উভতাই অনাৰ প্ৰতিশ্ৰুতি বাৰম্বাৰ দি থাকে যদিও সেয়া কাৰ্যকৰী নোহোৱাত অৱশেষত ভেংৰাই স্হানীয় বেবেজীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ কিন্তু এই এজাহাৰ দাখিল কৰাৰ দহ বছৰৰ পাছতো কোনো কামত নাহিল৷ সম্প্ৰতি আশ্ৰীতাৰ মাতৃ সোণাৰী আনচাৰীৰ ঘৰলৈ গ’লেই তেওঁক দাবী ধমকি দি উভতাই পঠাই বুলি অভিযোগ কৰি পৰিয়ালটোৱে কয় যে,বৰ্তমান পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ তথা জোৱালাৰ ভায়েক নৈত সন্ধানহীন হোৱাৰ খবৰটোও আশ্ৰীতাই পাইচেনে নাই,সেই কথা পৰিয়ালটোৱে জনা নাই৷দীৰ্ঘদিন জোৱালাৰ কোনো খৱৰ লাভ নকৰা পৰিয়ালটোৱে সাম্প্ৰতিক দুৰ্দিনৰ সময়ত তেওঁলোকৰ পৰা বিচ্ছিন্ন হোৱা জীয়াৰীক উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ প্ৰতি কাতৰ আহ্বান জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More