ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ

0 11

শতাব্দ প্ৰতিনিধি, লিডু ৫ ডিচেম্বৰঃ  ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডক সকলোৱে একেমুখে নিন্দা কৰাৰ লগতে চৌদিশে অভিযুক্তক শাস্তিৰ দাবীত প্রতিবাদৰ ঢৌ উঠিছে। এনে সময়তে মূল অভিযুক্ত বুলি অভিযোগ উঠা ৰাহুল ছেত্ৰী আৰক্ষীৰ জালত পৰিছে। ছাত্রাবাসৰ ৰেগিং কাণ্ডৰ বলি আনন্দ শৰ্মা নামৰ ছাত্রজন আজিও চিকিৎসাধীন। এই ঘটনাত জড়িত বুলি অভিযোগ উঠা বহু কেইজন ছাত্রক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। উক্ত ৰেগিং কাণ্ডৰ মূল অভিযুক্ত বুলি অভিযোগ উঠা ছাত্র নেতা ৰাহুল ছেত্রীক আৰক্ষীয়ে আটক কৰিব পৰা নাছিল। অৱশেষত কালি লেখাপানী আৰক্ষীৰ ওচৰত ৰাহুল ছেত্রীয়ে আত্ম সমৰ্পণ কৰে | অভিযুক্ত ৰাহুল ছেত্রীয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰিছে | এই ৰেগিং কাণ্ডৰ লগত কোনো ধৰণে জড়িত নহয় বুলি কয় আৰু আনন্দ শৰ্মাৰ আশু আৰোগ্য কামনা কৰে | ৰাহুলে লগতে সাংবাদিকক জানিবলৈ দিয়ে যে মই ঘটনাটোৰ লগত জড়িত নহয় যদিও মোক সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত মূল অভিযুক্ত আখ্যা দি কয়লা মাফিয়া আৰু দুৰ্ধৰ্ষ অপৰাধী সজোৱা হৈছে, যাৰ ফলত পৰিবেশ এনেকুৱা হ’ল যে নিৰাপত্তাহীনতাত ভূগিব লগা হয়। সেয়ে কিছু দিন নিজকে আঁতৰাই ৰাখিব লগা হৈছিল | মোৰ আইনৰ ওপৰত গভীৰ আস্থা আছে সেয়ে নিজকে আইনৰ ওচৰত সমৰ্পণ কৰিছো | মই ভাবো আইনে মোক ন্যায় বিচাৰ দিব | আজি পুৱা ৰাহুলক ডিব্রুগড়লৈ নিয়ে আৰক্ষীয়ে | উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ ৰেগিং কাণ্ডৰ যথোচিত তদন্ত হোৱাৰ লগতে প্রকৃত দোষীয়ে শাস্তি পোৱাতো ৰাইজে আশা কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More