ডিব্ৰুগড়-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ

0 28

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জুন : ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা মহাবিদ্যালয় দুখনে জনোৱা আবেদন সন্দৰ্ভত যোৱা ৭ জুনত নতুন দিল্লীত এনএমচিৰ অধ্যক্ষ ড০ সুৰেশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত গঠিত প্ৰথম ‘এপিলেট কমিটী’ৰ পৃথক শুনানি কালত দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই দাখিল কৰা তথ্য-পাতি তথা উত্তৰত সন্তুষ্ট ক্ষৈ সৰ্বসন্মতি ক্ৰমে কমিটীখনে স্বীকৃতি নবীকৰণত অনুমোদনৰ সিদ্ধান্ত লয়। এক বাৰ্তাত এনএমচিৰ এই সিদ্ধান্তক আদৰণি জনাইছে স্বাস্থ্যমন্ত্ৰী মহন্তই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More