ডুবাইত বিশ্বৰ গভীৰতম চুইমিং পুল

ভিতৰত আছে আশ্চৰ্যৰ পিছত আশ্চৰ্য

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ আগষ্ট : বুৰ্জ খলিফা, পাম জুমেইৰাৰ পিছত ডুবাইৰ মানৱসৃষ্ট অন্যতম গঠনে মূৰ ঘূৰাই দিয়াটো নিশ্চিত! ডিপ ডাইভ ডুবাই— বিশ্বৰ আটাইতকৈ গভীৰ চুইমিং পুল এতিয়া সমগ্ৰ বিশ্বৰ দুঃসাহসিক প্ৰেমীসকলৰ বাবে মূল আকৰ্ষণ হৈ পৰিছে। এই পুলত ডুব মৰা লোকসকলে ৰিপৰ্ট কৰে যে চুইমিং পুলে এক সম্পূৰ্ণ অন্য স্তৰৰ অভিজ্ঞতা আগবঢ়াব পাৰে! এই চুইমিং পুলটো কিমান গভীৰ জানেনে? ৬০ মিটাৰ বা ১৯৬ ফুট দ দৈৰ্ঘ্যৰ এই চুইমিং পুলে মানুহৰ হৃদযন্ত্ৰৰ তললৈকে শিহৰিত কৰাটো নিশ্চিত। এই পুলটোত ১ কোটি ৪০ লাখ লিটাৰ পানী ৰখাৰ ব্যৱস্থা আছে। যোৱা বছৰ উদ্বোধন কৰা হৈছিল চুইমিং পুলটো। তাৰ পিছত কেইবাজনো সাঁতোৰবিদে ছ’চিয়েল মিডিয়াত চুইমিং পুলৰ ভিতৰৰ ফটো আপলোড কৰিছিল। সকলো ফটো ভাইৰেল হৈ পৰিছে! চুইমিং পুলটোৰ গভীৰতাই দৰ্শনাৰ্থীক আচৰিত কৰি তুলিছে। ফলত ডুবাইৰ এই ডিপ ডাইভ চুইমিং পুলটো খুব সোনকালে দুঃসাহসিক পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশ্বৰ সৰ্ববৃহৎ মল, আকাশচুম্বী ঘৰ নিৰ্মাণ কৰাৰ পিছত ডুবাই পুনৰবাৰ বিশ্বৰ আটাইতকৈ গভীৰ চুইমিং পুলৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰৱেশ কৰিছে। এই পুলটোত আচলতে কি আছে? এই পুল ইনড’ৰ স্কুবা ডাইভিঙৰ বাবে আদৰ্শ। ইয়াৰ উপৰি চুইমিং পুলটো বিভিন্ন মহলাত ভাগ কৰা হৈছে। মজিয়াত আছে দবা খেলাৰ ব্যৱস্থা। আন এটা মহলাত টেবুল ফুটবল খেল আছে। এয়া শেষ নহয়, পানীৰ তলত এটা ফিল্ম ষ্টুডিঅ’ আছে! আনকি এটা মিডিয়া এডিটিং ৰুমো আছে! যদি আপুনি এতিয়াও আচৰিত নহয়, তেন্তে আপুনি জনা উচিত যে এই ইনড’ৰ পুলটো ১৫০০ বৰ্গ মিটাৰ ডাঙৰ অইষ্টাৰ আকৃতিৰ গঠনত নিৰ্মাণ কৰা হৈছে। আনকি এই গঠনৰ ভিতৰত এখন ডুব যোৱা আৰু পৰিত্যক্ত নগৰো আছে। ডুবাৰুসকলে ইচ্ছা কৰিলে এই চহৰখনৰ চাৰিওফালে থকা ৰহস্যবোৰ অন্বেষণ কৰিব পাৰে! পানীৰ শীতল নিস্তব্ধতাত অজ্ঞাতক অন্বেষণ কৰাতকৈ আৰু ৰোমাঞ্চকৰ কি হ’ব পাৰে? সকলোতকৈ ভাল কথাটো হ’ল পুলৰ উষ্ণতাও বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰা হয়। সাধাৰণতে পুলৰ উষ্ণতা ৩০ ডিগ্ৰী চেলছিয়াছত স্থিৰ কৰি ৰখা হয়। ফলত পানীত সাঁতুৰিবলৈ ডুবাৰুসকলে গতি লাভ কৰিব নালাগে। সাধাৰণ ৱেট ছুট বা ছুইমিং ছুট এটাৰেই চলি যায়। ডুবাইৰ ৰাজকুমাৰ শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মকতুম এজন সুদক্ষ সাঁতোৰবিদ। জনামতে তেৱোঁ এই চুইমিং পুলটোত সাঁতোৰ মেলিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More