ড্ৰ’নে উৰুৱাই নিব জীৱনদায়ক অংগ!

নতুন প্ৰট’টাইপ পদ্ধতি প্ৰৱৰ্তন

0 20
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ আগষ্ট : অংগ প্ৰতিস্থাপন ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰৰ নতুন পদক্ষেপ। এইবাৰ ড্ৰ’ন প্ৰযুক্তিৰ সহায়ত বিমানবন্দৰৰ পৰা চিকিৎসালয়লৈ ক্ষিপ্ৰতাৰে অংগ-প্ৰত্যংগ প্ৰেৰণ কৰা হ’ব। ৩ ছেপ্টেম্বৰত এই মন্তব্য কৰে কেন্দ্ৰীয় গড়কাপ্তানি আৰু পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। অংগ-প্ৰত্যংগ পৰিবহনৰ সুবিধাৰ বাবে আৰু চিকিৎসালয়ৰ পৰা বিমানবন্দৰলৈ ক্ষিপ্ৰতাৰে পোৱাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু এই নতুন প্ৰযুক্তি হৈছে ড্ৰ’নৰ ব্যৱহাৰ। বিমানবন্দৰৰ পৰা ৰাস্তাৰে অংগ হস্পিতাল পাবলৈ বেছি সময় লাগে। এই পদ্ধতিত পথৰ তুলনাত বহু কম সময় লাগিব। নীতিন গাডকাৰীয়ে ৩ ছেপ্টেম্বৰত চিকিৎসালয়সমূহত দ্ৰুত অংগ প্ৰতিস্থাপনৰ সুবিধাৰ বাবে অংগ পৰিবহনৰ বাবে ভাৰতৰ প্ৰথমটো প্ৰট’টাইপ ড্ৰ’ন উন্মোচন কৰি কয় যে ইয়াৰ ফলত ভাৰতৰ পৰিবহন আৰু স্বাস্থ্য খণ্ডলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আহিব। এম জি এম হেল্থকেয়াৰৰ মুৰব্বী ডাঃ প্ৰশান্ত ৰাজগোপালনে এই বিশেষ প্ৰ’ট’টাইপ ড্ৰ’ন প্ৰযুক্তি প্ৰস্তুত কৰিছিল। এখন সংবাদমেলত তেওঁ কয় যে চিকিৎসালয়লৈ অংগ-প্ৰত্যংগ ক্ষিপ্ৰতাৰে যোগান ধৰাৰ বাবে এক চুক্তি আছে। এই ড্ৰ’নৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন ভিত্তিত দেশৰ দুৰ্গম প্ৰান্তলৈ অংগ যোগান ধৰাত এক বৈপ্লৱিক পৰিৱৰ্তন অনা। নতুন দিল্লীত প্ৰ’ট’টাইপ উন্মোচন কৰাৰ পিছত গাডকাৰীয়ে কয় যে পৰিবহনৰ সমস্যা সমাধানৰ বাবে এই পদ্ধতি অতি ফলপ্ৰসূ। এনে এক অভিনৱ পদ্ধতি আৰু গৱেষণাৰ বাবে তেওঁ এম জি এম হেল্থকেয়াৰক বাৰে বাৰে অভিনন্দন জনায়। স্থল আৰু বিমান পৰিবহনৰ জৰিয়তে অংগসমূহ দ্ৰুতভাৱে প্ৰদান কৰিলে প্ৰতিস্থাপন প্ৰক্ৰিয়াটো বহু সহজ হৈ পৰিব। পৰিবহন বিভাগৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবেও সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়— “আমি দিল্লীৰ পৰা ডেৰাডুনলৈ এক্সপ্ৰেছৱে প্ৰকল্প আৰম্ভ কৰিবলৈ ওলাইছোঁ, যাৰ ফলত যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাব। দ্ৰুত অংগ পৰিবহনে ভাৰতত ইতিহাস ৰচনা কৰিব”। তেওঁ লগতে ড° কে আৰ বালাকৃষ্ণণ আৰু তেওঁৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে এই দলটোৱে আমাৰ দেশত এতিয়ালৈকে ৫০০ৰো অধিক হৃদযন্ত্ৰ আৰু হাওঁফাওঁ প্ৰতিস্থাপন সফলতাৰে সম্পন্ন কৰিছে। ভাৰতত শিশুৰ অংগ প্ৰতিস্থাপনৰ ক্ষেত্ৰত এই দলটোৰ মুখ্য ভূমিকা আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More