ড্ৰাগছৰ অপব্যৱহাৰ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধৰ বাবে তিনিচুকীয়াত গুৰুত্বপূৰ্ণ বৈঠক

0 39

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ আগষ্ট: আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো তিনিচুকীয়া জিলাৰ চুকেকোণে নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ সময়তে জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধ কৰিবৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনাৰ উদ্দেশ্যেৰে নাৰ্কো সমন্বয় কেন্দ্ৰ (এন চি অ’ আৰ ডি) প্ৰণালীৰ অধীনত জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক আজি জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যায়৷ বৈঠকত জিলা আয়ুক্তই জিলাখনত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিতং বুজ লয়৷ জিলাখনত থকা চৰকাৰী-বেচৰকাৰী নিচামুক্তি কেন্দ্ৰসমূহৰ মানদণ্ড উন্নত কৰাৰ ওপৰতো আলোচনাত গুৰুত্ব প্ৰদান কৰা হয়৷ আনহাতে, নিচামুক্ত ভাৰত অভিযানৰ অংশৰূপে জিলা আয়ুক্তই বিদ্যালয় তথা মহাবিদ্যালয় পৰ্য্যায়ত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, যুৱ প্ৰজন্ম আৰু অভিভাৱকসকলক সজাগতামূলক কাৰ্য্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি উল্লেখ কৰে৷ ইয়াৰোপৰি জিলাখনৰ সকলো বিদ্যালয় তথা মহাবিদ্যালয়ত গঠন হোৱা ’প্ৰহৰী’ ক্লাবৰ সৈতে এন চি চি আৰু এন এচ এচৰ সদস্যসকলক জড়িত কৰিবলৈ আয়ুক্ত স্বপ্নীল পালে পৰামৰ্শ আগবঢ়ায়৷ জিলাখনত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী সেৱনৰ হটস্পট হিচাপে পৰিগণিত হোৱা এলেকাত সজাগতা সৃষ্টিৰ লগতে সংশ্লিষ্ট বিভাগসমূহক অধিক চোকা দৃষ্টি ৰাখিবলৈয়ো তেওঁ নিৰ্দেশ দিয়ে৷ জিলা আয়ুক্তই পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰ লগতে কাৰ্যবাহী দণ্ডাধীশসকলক বিগত ৩১ জুলাইত শিক্ষানুষ্ঠানসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত তামোল-পাণ, চিগাৰেট, গুটকা, পাণ মছলা তথা অন্যান্য নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা সঠিকভাবে পালন কৰা হৈছে নে নাই তাৰ বুজ লবলৈ নিৰ্দেশ দি উক্ত নিৰ্দেশনা অমান্য কৰা ব্যক্তি তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয়৷ আজিৰ বৈঠকত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গুৰভ অভিজিত দিলীপ, শদিয়াৰ আৰক্ষী অধীক্ষক মৃণাল ডেকা, অতিৰিক্ত আয়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, বিদ্যালয়সমূহৰ পৰিদৰ্শক, পৌৰসভাৰ কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়াসকল, জিলা ঔষধ পৰিদৰ্শক, বন বিভাগৰ প্ৰতিনিধি আদি উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More