ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠিত

0 66

উত্তৰ লখিমপুৰঃ ৫ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্ৰথম বাৰ্ষিক ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠান আয়োজিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ হেমন্ত কুমাৰ বৰুৱাৰ নামত প্ৰতিষ্ঠা কৰা এই প্ৰদত্ত বক্তৃতানুষ্ঠানত সাহিত্য অকাডেমীৰ বঁটা বিজয়ী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ সঞ্জীব পল ডেকাই “প্ৰব্ৰজন, ভূমি-প্ৰশ্ন আৰু নিম্নবৰ্গঃ পৰিৱৰ্তিত বৃত্তান্তৰ ৰূপৰেখা” বিষয়ক বক্তৃতা প্ৰদান কৰে। বক্তৃতাত ড০ ডেকাই অসমীয়াৰ মূলসুঁতিৰ সাহিত্যত অসমলৈ হোৱা প্ৰব্ৰজন আৰু ভূমি বিষয়ৰ আলোচনা সাহিত্যত প্ৰতিফলিত হোৱা ছবিৰ ওপৰত আলোকপাত কৰে। ঊনবিংশ শতিকাৰ শেষৰ দশকত আৰম্ভ হোৱা প্ৰব্ৰজন আৰু ভূমিৰ বিষয়বোৰ অসমীয়া সাহিত্যই বহু দিনলৈ আলোচনা আৰু প্ৰতিফলিত কৰা নাছিল বুলি উল্লেখ কৰি প্ৰব্ৰজনকাৰী আৰু থলুৱা লোকৰ কৃষি পদ্ধতিৰ পাৰ্থক্যই অসমৰ ভূমি বিষয়ত কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেই বিষয়ে ব্যাখ্যা কৰে। ইয়াৰ পূৰ্বে ড০ হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা উদ্বোধন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ মুহিধৰ পূজাৰীয়ে। বক্তৃতাৰ বাবে অনুষ্ঠিত হোৱা অধিবেশনত আয়োজক সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই সভাপতিত্ব কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়োজক সমিতিৰ সম্পাদক অধ্যাপক ছাজ্জাদ হুছেইনে। ড° হেমন্ত কুমাৰ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ চমু বিৱৰণী প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ড° মুকুন্দ ৰাজবংশীয়ে। তেওঁৰ ভাষণত ড° হেমন্ত কুমাৰ বৰুৱাই জীৱনকালত তেওঁৰ নামত বক্তৃতা আয়োজন কৰাৰ বাবে আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
বক্তৃতা অনুষ্ঠানত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী শিক্ষকসকল, বিশিষ্ট নাগৰিক, গৱেষক ছাত্ৰ, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে অধ্যাপক কুলদীপ নাৰায়ণ দত্তই আৰু শলাগৰ শৰাই আগবৰঢ়াই উপাধ্যক্ষ গোপাল চেত্ৰীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More