ঢকুৱাখনাৰ সোণাৰি চাপৰিত নাট কৰ্মশালা

0 37

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জুলাইঃ ঢকুৱাখনাৰ সোণাৰি চাপৰিত বিগত বৰ্ষৰ দৰে এইবাৰো সাঁকো নাট্য কলা বিদ্যালয়ৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা জুলাই ১ তাৰিখৰ পৰা ২০ জুলাই ২০২৩ লৈ ২০ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰা হয়।WhatsApp Image 2023 07 09 at 8.30.33 PM শিশুৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সংগীত, নৃত্য, চিত্ৰকলা, আবৃত্তি আৰু অভিনয়ৰ বিষয়ত বিশেষজ্ঞ সকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি থকা এই কৰ্মশালাত সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ প্ৰমুখ তথা ৰাষ্ট্ৰীয় পর্য্যায়ৰ নাট পৰিচালক দয়াল কৃষ্ণ নাথৰ লগতে বিহাৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক নাট পৰিচালক ৰবি ৰঞ্জন কুমাৰে পাঠদান কৰে। সাঁকো নাট্য কলা বিদ্যালয়ৰ হৈ কৰ্মশালাৰ পৰিচালক গোপমণি গগৈয়ে দুয়োৰে পৰিচয় দাঙি ধৰাৰ লগতে অভিভাৱক প্ৰশান্ত চুতীয়া আৰু দেবশ্ৰী বুঢ়াগোহাঁয়ে দুয়োকে একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়।এই কৰ্মশালাৰ পৰিচালক গোপমনি গগৈ আৰু পৰিচালনাৰ সহায়ক অধ্যাপক নৱকান্ত চুতীয়া।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More