ঢেকিয়াজুলি অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিকত মধ্যাহ্ন ভোজনৰ বিসংগতি

0 13
শতাব্দ ৰিপ’ৰ্টাৰ, তেজপুৰ,৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ঢেকিয়াজুলি শিক্ষাখণ্ড অধীনস্থ লুলুকাই অৰবিন্দ বিদ্যা নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত আজি মধ্যহ্ন ভোজনৰ চাউলৰ বিসংগতিৰ তদন্তৰ বাবে উপস্থিত হয়হি জিলা তদন্তকাৰী বিষয়া নিপুমণি বৰুৱা৷ উল্লেখ্য যে বিদ্যালয়খনত গেলি পঁচি যোৱা চাউলেৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ অভিবাবকৰ লগতে স্থানীয় ৰাইজৰ৷ ইয়াকে লৈ যোৱা ছয় ফেব্ৰুৱাৰীত উক্ত বিদ্যালয়খনত অভিবাবক আৰু স্থানীয় ৰাইজে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ৷ আনকি বহু সময় আৱদ্ধ কৰি ৰাখিছিল বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিগত বহু দিনৰ পৰাই মইমতালিৰ অভিযোগ উঠি আহিছে৷ এইক্ষেত্ৰত বিদ্যালয়খনৰ পৰিচালনা সমিতিকো কোনো ধৰণৰ গুৰুত্ব নিদি নিজ খেয়াল খুচিমতে বিদ্যালয়ৰ কামকাজ চলাই যোৱাৰ অভিযোগ পৰিচালনা সমিতিয়ে উত্থান কৰিছে শিক্ষক গৰাকীৰ বিৰুদ্ধে৷ এনে অৱস্থাত অনুপযুক্ত মধ্যাহ্ন ভোজনৰ বিষয়টোৰ তদন্ত চলাবলৈ আজি বিদ্যালয়খনত উপস্থিত হয়হি শোণিতপুৰ জিলাৰ তদন্তকাৰী বিষয়া  বৰুৱা৷ তদন্তকাৰী বিষয়াগৰাকীয়ে তদন্ত চলাই ইয়াৰ বিৰুদ্ধে বিভাগীয় ভাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আজি ৰাইজক আশ্বাস প্ৰদান কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More