তাৰকাৰাজ্যৰ বাহিৰত তৰা সৃষ্টিৰ ৰহস্য ভেদত সাফল্য লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ গবেষকৰ 

0 151

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক-বিজ্ঞানী অংশুমান বৰগোহাঁয়ে আৱিষ্কাৰ কৰিছে যে পৃথিৱীৰ পৰা প্ৰায় ১.৫-৩.৯ বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত দূৰৱৰ্তী নীলা আটিল বাওনা তাৰকাৰাজ্যৰ (Blue Compact Dwarf or BCD galaxy) ছায়াপথৰ নমুনাৰ দৃশ্যমান সীমাৰ বাহিৰত নতুন তৰা সৃষ্টি হৈছে। ই এক আন্তৰ্জাতিক, এনে ধৰণৰ প্ৰথম, অধ্যয়নৰ অংশ । এই আৱিষ্কাৰ ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সৰ জ্যোতিৰ্বিজ্ঞানীসকলৰ এটা আন্তৰ্জাতিক দলৰ অধ্যয়নৰ এক যৌথ ফলাফল আছিল। এই অধ্যয়নটো ভাৰতৰ প্ৰথম সমৰ্পিত বহু-তৰংগদৈৰ্ঘ্যৰ মহাকাশ পৰ্যৱেক্ষণালয় AstroSatত আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ (UVIT) ব্যৱহাৰ কৰি কৰা হৈছিল। ২০ জুলাই ২০২২ তাৰিখে প্ৰখ্যাত বহুমুখী বিজ্ঞান আলোচনী নেচাৰত (Nature) প্ৰকাশিত অধ্যয়নটোৰ ওপৰত এটা গৱেষণা প্ৰবন্ধৰ মুখ্য লেখক আছিল অংশুমান বৰগোহাঁই।

IMG 20220729 WA0030
অংশুমান বৰগোহাঁই

অংশুমানে বিশ্ববিদ্যালয়ত ড° ৰূপজ্যোতি গগৈ আৰু IUCAAত অধ্যাপক কনক সাহাৰ যুটীয়া তত্বাৱধানত কাম কৰি আছে। অংশুমানে প্ৰকাশ কৰা মতে, “বাওনা তাৰকাৰাজ্যৰ সমাৱেশ প্ৰক্ৰিয়া ধৰা পেলোৱাটো তাৰকাৰাজ্য গঠন আৰু ক্ৰমবিকাশৰ ছবিখন সম্পূৰ্ণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ সংযোগ। কিয়নো এনে তাৰকাৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ গুণাগুণে বৰ্তমানৰ তাৰকাৰাজ্য বিৱৰ্তনৰ তাত্ত্বিক আৰ্হিসমূহক প্ৰত্যাহ্বান জনায়।” সাধাৰণতে তাৰকাৰাজ্যৰ দাঁতি-কাষৰীয়া অঞ্চলত এনে নতুন তৰাৰ অৱস্থিতিয়ে তাত শেহতীয়াকৈ চলি থকা গেছ বৃদ্ধিৰ কথা কয় যিয়ে তৰা গঠন প্ৰক্ৰিয়া আৰু তাৰ পৰিপ্ৰেক্ষিতত তাৰকাৰাজ্যৰ আকাৰ বৃদ্ধিত ইন্ধন যোগায়। তেওঁ AstroSat/UVIT’ৰ বিশেষ প্ৰতিচ্ছবিকৰণ ক্ষমতাৰ ওপৰত আলোকপাত কৰে, যি ইয়াক অতিবেঙুনীয়া ৰশ্মিৰ মানমন্দিৰৰ তালিকাত এক সুকীয়া স্থান দিবলৈ সক্ষম হৈছে। ই বহিৰ্বিশ্বৰ তাৰকাৰাজ্যৰ অধ্যয়ন দিশত নতুন দুৱাৰ মুকলি কৰিছে । তেওঁ কয় যে এই আৱিষ্কাৰ তেওঁৰ পি. এইচ. ডি গৱেষণা গ্ৰন্থৰ এক গুৰুত্বপূৰ্ণ অংশ | তেওঁৰ গৱেষণা জীৱনৰ প্ৰাৰম্ভিক পৰ্য্যায়তে কৰা এই আৱিষ্কাৰটোৰ ক্ষেত্ৰত IUCAA আৰু তেজপুৰ বিশ্ববিদ্যালৰ পৰা পোৱা সমৰ্থন আৰু সুবিধাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আৰু IUCAA’ৰ সহযোগী, তথা এই গৱেষণা পত্ৰখনৰ সহলেখক ড° ৰূপজ্যোতি গগৈয়ে কয়, “এই‌ কামটো‌ দেশৰ যুৱ গৱেষকসকলৰ বাবে উদগনিমূলক। এই‌ কামটোত ভাৰতৰ নিজস্ব কৃত্ৰিম উপগ্ৰহ AstroSat ৰ তথ্য ব্যৱহাৰ হোৱাৰ উপৰি ই IUCAA আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ গৌৰৱময় সমন্বয় প্ৰদৰ্শন কৰিছে। ই ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ গৱেষকসকলক নিশ্চয় প্ৰেৰণা যোগাব। ভৱিষ্যতলৈও আমি IUCAA আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ এনে উমৈহতীয়া প্ৰচেষ্টাৰ দিশে যথেষ্ট আশাবাদী ।”.

এই গৱেষণা পত্ৰখনৰ সহলেখক তথা অধ্যয়নটো ধাৰণা কৰা প্ৰফেছৰ কনক সাহা হৈছে IUCAA’ৰ জ্যোতিৰ্বিজ্ঞান বিষয়ৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে কিদৰে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক তাৰকাৰাজ্য সমূহে বৰ্তমানৰ অৱস্থালৈ বিকশিত হয়। তেওঁ গুৰুত্ব আৰোপ কৰি কয়, “দৰাচলতে অতিবেঙুণীয়া ৰশ্মি প্ৰতিচ্ছবিকৰণ‌ দূৰবীণৰ বিভেদন‌ ক্ষমতা আৰু অতিবেঙুণীয়া ৰশ্মি গভীৰ ক্ষেত্ৰ প্ৰতিচ্ছবিকৰণ‌ কৌশল হৈছে এই‌ নতুন তৰা গঠন প্ৰক্ৰিয়া চলি থকা অঞ্চলসমূহ ধৰা পেলোৱাৰ মূল চাবিকাঠী। বিশাল দূৰত্বৰ বাবে নিযুত সৌৰভৰ ভৰ‌সম্পন্ন হোৱাৰ স্বত্তেও এই‌ অস্পষ্ট নীলা তৰা গঠন হোৱা অঞ্চলসমূহৰ চিনাক্তকৰণ এক প্ৰত্যাহ্বান। নিৰীক্ষিত তাৰকাৰাজ্যসমূহ সামান্যতমো অধিক দূৰত্বত UVIT য়ে বিভেদ কৰিব নোৱাৰিলেহেঁতেন। বৰ্তমানৰ বাওনা তাৰকাৰাজ্যসমূহত এনে প্ৰসাৰিত‌ অতিবেঙুণীয়া পোহৰ নিৰ্গমন থকাৰ‌ উদাহৰণ আমাৰ হাতত নাই। এই বাৰখন বাওনা তাৰকাৰাজ্যৰ ৰেডশ্বিফ্ট বা মহাজাগতিক দূৰত্ব ইহঁতৰ দাঁতিকাষৰীয়া নীলা গুচ্ছৰূপী অঞ্চলসমূহ প্ৰত্যক্ষ কৰিবলৈ অনুকূল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ IBM’ৰ গৱেষণা বিভাগৰ মুখ্য সদস্য তথা জ্যোতিৰ্বিজ্ঞানী ও গৱেষণা পত্ৰখনৰ অন্য এক সহলেখক ড° ব্ৰুচ‌ এল্ম’গ্ৰীণে কয়,”এনেকুৱা কিছুমান সৰু তাৰকাৰাজ্যত এনে ধৰণৰ সক্ৰিয় তৰা গঠন‌ প্ৰক্ৰিয়া চলি থকাটো‌ একধৰণৰ‌ ৰহস্য।” এনেধৰণৰ‌ নিৰীক্ষণে বিশালকায় গেছ আৰু তৰা গঠন‌ হৈ থকা অঞ্চলসমূহৰ বলৰ‌ ভ্ৰামকে তাৰকাৰাজ্যৰ বহিৰ্ভাগৰ পৰিবৰ্ধিত গেছক বলপূৰ্বকভাৱে ভিতৰৰ‌ দিশে গতি কৰাব পাৰে বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে এই‌ প্ৰব্ৰজনে তাৰকাৰাজ্যৰ জীৱনকালত কেন্দ্ৰীয় ঘনত্ব গঠন‌ কৰে।

“আৱিষ্কাৰটোৱে আমাক শিকায় যে তৰাৰ গঠন কিমান আশ্চৰ্যজনকভাৱে তুলনামূলকভাৱে প্ৰাচীন নিম্ন-ধাতৱীয় গেছত আগবাঢ়িব পাৰে”, ফ্ৰান্সৰ অবজাৰ্ভেট’ৰ ডি পেৰিছৰ (Observatoire de Paris) অধ্যাপক ফ্ৰাঙ্কোইজ কম্বেছ (Francoise Combes), আন এজন সহ-লেখক আৰু কলেজ ডি ফ্ৰান্সৰ অধ্যাপকে কয়। এই অধ্যয়নটোৰ আন এজন সহ-লেখক আৰু আই.ইউ.চি.এ.এ.-ৰ (IUCAA) প্ৰাক্তন এমিৰিটাছ অধ্যাপক, অধ্যাপক শ্যাম টণ্ডনে আচৰিত হৈছে যে এই নক্ষত্ৰীয় গোটবোৰ লাইমেন কণ্টিনিউয়াম ফ’টনৰ উৎস হ’ব পাৰে নেকি, যি নিৰপেক্ষ হাইড্ৰজেন গেছক আয়নিত কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ বিনোদ কুমাৰ জৈনে এই আৱিষ্কাৰ আৰু বিশ্ববিদ্যালয়ৰ IUCAA’ৰ লগত থকা সহযোগিতাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ মন্তব্য আগবঢ়ায় কয় যে, “বিশ্বব্ৰহ্মাণ্ডৰ জন্ম আৰু ইয়াৰ পৰিক্ৰমা বুজি পোৱাটো মানৱ সভ্যতাৰ বাবে এক ৰহস্য। পূৰ্বতে নেদেখা এনে পৰিঘটনাৰ আৱিষ্কাৰ তেনে ধৰণৰেই এক ৰহস্য আৰু এই আৱিষ্কাৰে এতিয়াৰ নতুন তথা আধুনিক মানমন্দিৰ সমূহৰ কাৰ্যক্ষমতাৰ উদাহৰণ দাঙি ধৰে।”

এনে অত্যাধুনিক সা-সুবিধাযুক্ত পৰ্য্যবেক্ষণ কেন্দ্ৰ উপলব্ধ কৰোৱাৰ‌ বাবে জ্যোতিৰ্বিজ্ঞানী দলটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ISRO’ৰ লগতে আন ভাৰতীয় আৰু বৈদেশিক গৱেষণাগাৰসমূহৰ প্ৰতি কৃতজ্ঞ। ভৱিষ্যতে এনেকুৱা সা-সুবিধাৰ সুযোগে ভাৰতৰ বৈজ্ঞানিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই অনাটো নিশ্চিত বুলি বিশ্ববিদ্যালয়খনে আজি এক বাৰ্তাত প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More