তিনিচুকীয়াত গুলীৰ আঘাতত নিহত ১ : পিষ্টল আছিল বন্ধুৰ

0 81

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া চহৰৰ মাজ মজিয়াত মঙ্গলবাৰে নিশা এজন ব্যক্তিৰ ৰহস্যজনক পৰিস্থিতিত গুলীৰ আঘাতত মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা প্ৰায় ৯ বাজি যোৱাৰ পাছত তিনিচুকীয়া চহৰৰ এ টি ৰ’ডস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এ এছ টি চি) বাছ আস্থানৰ সন্মুখত ৰাইজে হঠাতে গুলীচালনাৰ শব্দ শুনিবলৈ পায় ৷ গুলীৰ শব্দ আহিছিল ৰাহুল বাজাৰী ওৰফে টিটু নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা ৷ উল্লেখ্য যে ৰাহুল বাজাৰী ওৰফে টিটুৰ ঘৰৰ তলতে আছে নেটৱৰ্ক বাছৰ কাউণ্টাৰ ৷ নিশা অন্তিমখন বাছ গন্তব্যস্থান অভিমুখে ৰাওনা হোৱাৰ পাছত সেই সময়ত কৰ্মচাৰীসকল ব্যস্ত আছিল একাউণ্ট মিলোৱাত ৷ গুলীৰ শব্দ শুনি চাবলৈ বুলি তেওঁলোকে দৌৰি গৈ দেখে যে তেজৰ ডোঙাত পৰি আছে ৰাহুল ওৰফে টিটু বাজাৰী ৷ প্ৰত্যক্ষদৰ্শীসকলৰ মাজৰ পৰা ততালিকে এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়া হয় ৷ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত তেওঁলোকে ৰক্তাক্ত ৰাহুলৰ ওচৰতে এটা পিষ্টল পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে পিষ্টলটো জনৈক মলয় দত্ত নামৰ এজন ব্যক্তিৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মলয় দত্তক ইতিমধ্যে সোধাপোছা কৰিছে ৷ আৰক্ষীৰ সূত্ৰ মতে মৃত ৰাহুল বাজাৰী ওৰফে টিটু আৰু মলয় দত্ত বন্ধু আছিল ৷ জানিব পৰা মতে মলয় দত্তৰ পিষ্টলটো তেওঁৰ বাহনত আছিল আৰু বাহনখন ৰাহুল বাজাৰী ওৰফে টিটুৰ লগত আছিল যি পিষ্টলৰ বিষয়ে জ্ঞাত আছিল ৷ নেটৱৰ্ক বাছৰ কৰ্মচাৰীৰ মতে ৰাহুল বাজাৰী ওৰফে টিটু প্ৰায় ৯ বজাৰ আশেপাশে মটৰচাইকেলত আহি ওপৰলৈ উঠি যোৱাৰ কিছুসময়ৰ পাছতে গুলীৰ শব্দ হয় ৷ প্ৰাৰম্ভিক তদন্তত সমগ্ৰ কাণ্ড আত্মহত্যাৰ ঘটনা বুলি অনুমান কৰা হৈছে যদিও সকলো দিশ সামৰি তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More