তিনিচুকীয়াত বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসমী মেলা

0 19
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ নৱেম্বৰঃ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত ৪০০ সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থিত ডাকবাংলো প্ৰাংগণত আজিৰ পৰা ২৪ নৱেম্বৰলৈকে অসমী মেলাৰ আয়োজন কৰা হৈছে ৷ আজি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে উক্ত মেলাৰ উদ্বোধন কৰে ৷ কাৰ্য্যসূচীত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, সহকাৰী আয়ুক্ত নিলাক্ষী ভূঞা, ৰাজহ চক্ৰ বিষয়া সংলগ্ন ডিম্পী ভট্টাচাৰ্য্যৰ উপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ উল্লেখ্য, বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজিৰ পৰা আৰম্ভ হোৱা এই ’অসমী মেলাৰ’ প্ৰদৰ্শনীত স্থানীয় সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়া বেঙ্গলী গাৰ্লছ্ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে জিলাখনৰ ৭ টা উন্নয়ন খণ্ডৰ প্ৰায় ডেৰ কুৰি আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে৷ উপায়ুক্ত নৰসিং পৱাৰে শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ অম্লান প্ৰতীক বীৰ লাচিত বৰফুকনৰ আদৰ্শ আৰু ভাবাবেগ যাতে  সৰ্বস্তৰতে বিয়পি পৰে তাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত জনসাধাৰণৰ সহযোগিতা নিত্যান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে জিলা প্ৰশাসনে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা সপ্তাহযোৰা কাৰ্য্যসূচীসমূহত তেওঁ ৰাইজৰ সহযোগিতা কামনা কৰে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More