তিনিচুকীয়া মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানত প্ৰভাংগীক সম্বৰ্ধনা

0 255

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জুন : আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী ছাত্ৰী প্ৰভাংগী কাকতিয়ে সৰ্বোচ্চ ৯৩% নম্বৰ লাভ মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ কৃতী ছাত্ৰী প্ৰভাংগী কাকতিক সম্বৰ্ধনা জনাবৰ বাবে বিশেষভাৱে আয়োজিত এই সভাত উদ্যোক্তাসকলৰ আমন্ত্ৰণক্ৰমে তেওঁৰ পিতৃ উৎপল কাকতি আৰু মাতৃ টুটুমণি কাকতিও উপস্থিত থাকে ৷ অধ্যক্ষ ড° সূৰ্য্য চুতীয়াই আদৰণি ভাষণত প্ৰভাংগী কাকতিৰ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি তেওঁক ভৱিষ্যত জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জনায়৷ মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড° সূৰ্য্য চুতীয়াই মেধাৱী ছাত্ৰীগৰাকীক এখনি প্ৰশংসা পত্ৰ, কিতাপৰ‌ টোপোলা আৰু নগদ‌ পাঁচ হাজাৰ টকাৰে সম্বৰ্ধনা জনায়৷ নিজৰ চমু ভাষণত ছাত্ৰীগৰাকীয়ে তেওঁ নিজ লক্ষ্যত উপনীত হ’লেহে নিজৰ মহাবিদ্যালয়খনে আগবঢ়োৱা এই মৰম আৰু সম্বৰ্ধনাৰ প্ৰকৃত মূল্যায়ন হ’ব বুলি মত প্ৰকাশ‌ কৰে ৷ তেওঁ নিজৰ কৃতকাৰ্য্যতাৰ বাবে ঘৰখনৰ লগতে মহাবিদ্যালয়ৰ কেইবাগৰাকী শিক্ষকৰ বিশেষভাৱে শলাগ লয় ৷ ছাত্ৰীগৰাকীৰ পিতৃ উৎপল কাকতিয়ে সভাত উপস্থিত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ বিভিন্ন উদ্ধৃতিসহ সন্তানক সুনাগৰিকৰূপে গঢ় দিয়াত অভিভাৱকৰ দায়িত্ব, সন্তানৰ নিজ ভূমিকা, শিক্ষকসমাজৰ কৰণীয় আদি বিভিন্ন দিশত আলোকপাত কৰি এক মনোজ্ঞ ভাষণ আগবঢ়ায় ৷ সভাত শিক্ষকৰ তৰফৰ পৰা ড° মৃগাংক চৌধুৰী, ড° হিমা হাজৰিকা দাস আৰু ড° ৰঞ্জন দাসে নিজ নিজ অভিমত দাঙি ধৰে ৷ অধ্যাপিকা ৰশ্মিতা বৰকটকীয়ে আঁত ধৰা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটোত অধ্যাপকসকলৰ লগতে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More