তিনিচুকীয়াত নাইঃ আপোনাৰ সন্তানৰ বিদ্যালয়ত আছেনে

২৪ খন চি বি এছ চি বিদ্যালয়ৰ ১৪ খনৰে নাই বাধ্যতামূলক ফায়াৰ ছেফটি এন অ’ চি

0 20

উপায়ুক্তলৈ পত্ৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুলাই : তিনিচুকীয়া জিলাৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয়ে চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই কণকণ ছাত্ৰছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলি থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে ৷ এই চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি লাভ কৰা উত্তৰত ৷ জানিব পৰা মতে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ চি) অধীনৰ তিনিচুকীয়া জিলাৰ মুঠ ২৪ খন বিদ্যালয়ৰ ১৪ খনৰে নাই বাধ্যতামূলকভাৱে থাকিবলগীয়া অগ্নি নির্বাপন আৰু সুৰক্ষা সংক্ৰান্তীয় (ফায়াৰ ছেফটি এন অ’ চি) বিভাগীয় প্রমাণ-পত্ৰ ৷ কেৱল ১০ খন বিদ্যালয়ৰ হাততহে আছে এই প্ৰমাণ-পত্ৰ ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত জড়িত এনে গুৰুত্বপূৰ্ণ বিষয়ত বিদ্যালয় কর্তৃপক্ষ, ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ আৰু স্থানীয় প্ৰশাসনৰ উদাসীন মনোভাৱত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে৷ মাচুলৰ নামত অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰি অহা এই বিদ্যালয়সমূহক নাকী লগোৱাৰ বাবে শিক্ষা বিভাগ তথা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাটো ৰহস্যজনক ৷ আটাইতকৈ আচৰিত কথা যে চি বি এছ চিৰ অনুমোদন লাভৰ বাবে বাধ্যতামূলক বুলি গণ্য কৰা ফায়াৰ ছেফটি এন অ’ চি নথকাৰ পাছতো এই বিদ্যালয়সমূহে চি বি এছ চিৰ অধীনত পাঠদান চলাই থাকিবলৈ সক্ষম হৈছে ৷ চি বি এছ চিৰ তৰফৰ পৰা পাঠ্যক্ৰম চলোৱাৰ বাবে এই বিদ্যালয়সমূহক কিদৰে অনুমতি প্রদান কৰা হৈছে সেয়া এক সাঁথৰ সদৃশ হৈ পৰিছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিৰ সভাপতি নিশান্ত থাৰ্ডে ইতিমধ্যে এই সন্দৰ্ভত তিনিচুকীয়াৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ লক্ষ্যণীয় কথা যে এই স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত ৰাজ্যৰ প্ৰতিজন অভিভাৱকে নিজ সন্তানৰ বিদ্যালয়ৰ ক্ষেত্ৰতো সচেতন হোৱা উচিৎ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More