তিনিচুকীয়াত পথ দুৰ্ঘটনাত ৰে’লৰ যুৱ বিষয়া নিহত

0 7

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ জুলাই : দেওবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তিনিচুকীয়াৰ ৰে’ল বিভাগৰ এজন যুৱ বিষয়া নিহত হয় ৷ সূত্ৰমতে কালি নিশা প্ৰায় ১০.৩০ বজাত হিজুগুৰি আৰক্ষী চকীৰ সমীপত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৰে’লৱেৰ অপাৰেটিং ক’ণ্ট্ৰলৰ (টি আই) ফাৰুক আহমেদ (৩২) নামৰ বিষয়াজনে ৷ কৰ্তব্য সমাপন কৰি নিজ কোৱাৰ্টাৰলৈ উভতাৰ সময়ত অচিনাক্ত গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত ফাৰুক আহমেদক ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁ নিশাই মৃত্যুবৰণ কৰে বুলি প্ৰকাশ ৷ জানিব পৰা মতে প্ৰয়াত ফাৰুক আহমেদৰ ঘৰ ভজোত ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More