তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ উপস্থিতিত প্ৰস্তুতি সভা

0 32

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : ’বাগানে বাগানে প্ৰদেশ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যেৰে আজি তিনিচুকীয়াত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৌজন্যত তথা তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই ৷ সভাত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডা, প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ, প্ৰাক্তন বিধায়ক ৰাজু চাহু, বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভানেত্ৰী বালিকা পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) বিপুল গগৈ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জিন্টু হাজৰিকা, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৌচুম বৰুৱাৰ লগতে দলটোৰ ৰাজ্যিক সমিতিৰ বহুসংখ্যক বিষয়ববীয়াৰ উপৰি উজনি অসম আৰু উত্তৰ পাৰৰ চাহ জনগোষ্ঠীৰ প্ৰভাৱ থকা ৯ খন জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ লগতে উক্ত জিলা সমূহৰ ভগ্নী সংগঠনৰ সভাপতি/সভানেত্ৰী সকল উপস্থিত থাকে ৷ সভাত প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱিত কাৰ্যসূচী সফল কৰি তুলিবলৈ নেতৃবৃন্দই নিজৰ বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে অহা ২৮ আগষ্টত তিনিচুকীয়া জিলাৰ পৰাই চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱিত ’বাগানে বাগানে প্ৰদেশ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী ৷ প্ৰথম দিনা ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপাই বাগানৰ পৰা আৰম্ভ হৈ দ্বিতীয় দিনা মাৰ্ঘেৰিটা বিধানসভা, তৃতীয় দিনা ডিগবৈ বিধানসভা আৰু চতুৰ্থ দিনা তিনিচুকীয়া বিধানসভা সমষ্টিত শেষ কৰি ডিব্ৰুগড় জিলালৈ আগবাঢ়িব এই যাত্ৰা ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More