তিনিচুকীয়াত প্ৰবঞ্চকৰ ভয়ংকৰ জাল : মহিলাৰ পৰা সৰকালে ১ কোটি ২০ লাখ

0 54

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ ছেপ্তেম্বৰ : এটা প্ৰবঞ্চক চক্ৰৰ জালত ভৰি দি তিনিচুকীয়াৰ এগৰাকী মহিলাই কোটিৰো অধিক টকা হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে ৷ তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে এই ভয়ংকৰ ঠগবাজীৰ লগত জড়িত থকাৰ অভিযোগত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আলতাফ আলী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে তিনিচুকীয়াৰ ৰাণু দাস নামৰ এগৰাকী মহিলাই সদৰ থানাত ৮ মে’ত এখন এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰত ৰাণু দাসে আলটাফ আলীৰ লগতে আন দুজন ব্যক্তিয়ে বিভিন্ন চল-চাতুৰীৰে ২০২১ চনৰ পৰা প্ৰায় ১ কোটি ২০ লাখ টকা সৰকাই নিয়া বুলি অভিযোগ কৰিছিল ৷ তিনি প্রবঞ্চকৰ জালত ভৰি দি নিজৰ ঘৰ, মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা ৰাণু দাসৰ অভিযোগৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা আলতাফ আলীক আটক কৰে ৷ জানিব পৰা মতে ধৃত আলটাফ তিনিচুকীয়াৰ সদৰ থানাৰ সমীপৰ সমবায় সমিতিৰ কাৰ্যালয়ৰ কৰ্মচাৰী ৷ আলটাফৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামতো কেইবাজনো লোকৰ পৰা চল-চাতুৰীৰে ধন সংগ্ৰহ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More