তিনিচুকীয়াত পৰিদৰ্শনৰ কাৰ্যসূচীৰে এন এফ ৰেল’ৱেৰ জেনেৰেল মেনেজাৰ

0 38

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ ছেপ্তেম্বৰ :

WhatsApp Image 2023 09 11 at 8.59.13 PM
এন এফ ৰেল’ৱেৰ জেনেৰেল মেনেজাৰৰ পৰিদৰ্শন

তিনিচুকীয়া ৰে’ল সংমণ্ডল পৰিদৰ্শনৰ উদ্দেশ্যেৰে আজি পুৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বিশেষ ৰে’লযোগে নিউ তিনিচুকীয়াত উপস্থিত হয় উত্তৰপূৱ সীমান্ত ৰে’লৱেৰ (এন এফ ৰেল’ৱে) মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ ৷ ভ্ৰমণসূচী অনুসৰি তেওঁ পুৱা ৯-৪০ বজাত ইয়াৰ ৰে’ল চালক আৰু পৰিচালকৰ (গাৰ্ড) জিৰণি ঘৰ, নিউ তিনিচুকীয়া ষ্টেচন পৰিদৰ্শন কৰে । ইয়াৰ পাছত ১০-৩০ বজাত নিউ তিনিচুকীয়া পৰা ডিগবৈলৈকে ৰে’ল পথছোৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে পৰিদৰ্শন কৰাৰ লগতে ডিগবৈ শোধনাগাৰৰ সংগ্ৰহালয় দৰ্শন কৰি ভাৰতীয় তেল নিগমৰ ৭০ নং বঙলাত আহাৰ গ্ৰহণ কৰে ৷ বিয়লি তেওঁ তিনিচুকীয়া মণ্ডল প্ৰৱন্ধকৰ সভাকক্ষত মাণ্ডলিক বিষয়াবৰ্গৰ সৈতে ৰে’লৱে বৰ্ডৰ চেয়াৰমেনৰ নিৰ্দেশনাসমূহ পৰ্যালোচনা কৰে ৷ এন এফ ৰে’লৱেৰ নৱনিযুক্ত মহাপ্ৰবন্ধকজনৰ তিনিচুকীয়া সংমণ্ডল পৰিদৰ্শন কাৰ্যসূচীক এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে আদৰণি জনোৱাৰ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পুলক গগৈ আৰু মাণ্ডলিক সমন্বয়ক পৰেশ হাজৰিকাসহ এটা প্ৰতিনিধি দলে মহাপ্ৰবন্ধকৰ সৈতে এক আলোচনাত মিলিত হয় ৷ উল্লেখ্য যে বিগত সময়ত কেইবাজনো মহাপ্ৰবন্ধকৰ তিনিচুকীয়ালৈ আগমন ঘটিছে যদিও ৰাইজ তথা মণ্ডলটো উপকৃত হ’ব পৰাকৈ কোনো ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ এন এফ ৰে’লৱেৰ ৫ টা মণ্ডলৰ অন্যতম হ’ল তিনিচুকীয়া মণ্ডল৷ ১৯০৩ চনতে ঐতিহাসিক ডিব্ৰু-শদিয়া ৰে’লৱেৰ সৈতে সংযুক্ত হৈ তিনিচুকীয়া জংচন স্থাপন হৈছিল বুৰঞ্জী প্ৰসিদ্ধ মটক ৰাজ্যৰ ৰাজধানী নগৰ তিনিচুকীয়াত ৷ দেশৰ আৰ্থিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত তিনিচুকীয়া মণ্ডলৰ পৰা কাঠ, কয়লা আৰু তৈল সম্পদ পৰিবহণৰ জড়িয়তে ৰে’ল বিভাগে বৃহৎ পৰিমাণৰ ৰাজহ আহৰণ কৰা উপৰিও চীন সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে তিনিচুকীয়া মণ্ডলে ৷ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো প্ৰচুৰ সম্ভাৱনা থকা তিনিচুকীয়া মণ্ডলৰ ডাঙৰীত এটা টাৰ্মিনেল ষ্টেচন দীৰ্ঘদিনীয়া দাবীৰ পাছতো আজিও হৈ নুঠিল ৷ এনে বহুক্ষেত্ৰত আজিও মনোনিৱেশ কৰা নাই কেন্দ্ৰীয় চৰকাৰ তথা ৰে’ল বিভাগে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More