তিনিচুকীয়াত ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে কংগ্ৰেছৰ সভা, পদযাত্ৰা

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে আজি ‘ভাৰত জোড়ো যাত্ৰা’ৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰে ৷ সেইমৰ্মে আজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণৱ বৰুৱাৰ সভাপতিত্বত জিলা কংগ্ৰেছ ভৱনত বিয়লি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি, প্ৰাক্তন বিধায়ক ৰাজু চাহু, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৌচুম বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অবিনাশ গগৈ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক জুৱেল চিৰিং, তিনিচুকীয়াৰ জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী সূজয় ৰয় আদি ভালেমান দলীয় নেতা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আজি কংগ্ৰেছ দলৰ আদৰ্শ আৰু নীতিৰ প্ৰতি আকৃষ্ট হৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি মিলন চেতিয়া আৰু বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ প্ৰাক্তন সভাপতি ৰুপম চুতীয়াই যোগদান কৰে ৷ সভাখনৰ পাছত সন্ধিয়া তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনৰ পৰা আৰম্ভ কৰি চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত জনতাক সম্বোধন কৰি পুনৰ কংগ্ৰেছ ভৱনলৈ এক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ উক্ত পদযাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতাৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More