তিনিচুকীয়াত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ ছেপ্তেম্বৰ : উৎকট গৰমৰ মাজত সঘন বিদ্যুৎ কৰ্তনে ৰাইজক অতিষ্ঠ কৰি তোলাৰ সময়তে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া চহৰৰ কলেজ তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদী আছু কৰ্মীসকলে ৰাজ্য চৰকাৰ আৰু শক্তিমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদীপ বৰপাত্ৰগোঁহায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বৰ্তমান ৪ ঘণ্টাও নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷ আনহাতে অধিক হাৰত বিদ্যুৎ মাচুল আদায় কৰি সাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধাই আহিছে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰক প্ৰাকনিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মাচুল বৃদ্ধি নকৰাকৈ বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More