তিনিচুকীয়াত ১৮ বিঘা চৰকাৰী মাটিত উচ্ছেদ : সংস্থাপিত হ’ব ৯০ ভূমিহীন পৰিয়াল

0 24

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ মাৰ্চ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অভিমুখী পথৰ পদুমনি ৰিজ’ৰ্টৰ সমীপত চৰকাৰী ভূমি বেদখল কৰি ইটাভাতা চলাই থকা প্ৰায় ১৮ বিঘা চৰকাৰী ভূমি আজি জিলা প্ৰশাসনে মুকলি কৰে । জানিব পৰা মতে জনৈক দাস উপাধিৰ এজন ব্যক্তিয়ে গুইজান গাঁও পঞ্চায়তৰ এই ভূখণ্ডত সুদীৰ্ঘ দিনৰ পৰা ইটাভাটা খুলি ব্যৱসায় কৰি আছিল ৷ আজি প্ৰশাসনে মুকলি কৰা উক্ত চৰকাৰী ভূমিত প্ৰায় ৯০ টা গৃহহীন তথা ভূমিহীন পৰিয়ালক সংস্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে । তিনিচুকীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাঠকৰ নেতৃত্বত আজি শান্তিপূৰ্ণভাৱে ইটাভাতা উচ্ছেদ কৰি মাটিখিনি বেদখলমুক্ত কৰা হয় । চিন্ময় পাঠকে সদৰি কৰা মতে আজি বেদখলমুক্ত কৰা মাটিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কৰি অচিৰেই প্ৰায় ৯০টা ভূমিহীন পৰিয়াল সংস্থাপিত কৰা হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More