লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

0 18

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৬ মাৰ্চঃ অহা ১ আৰু ২ এপ্ৰিল ২০২৩ তাৰিখে লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলন সমাৰোহ আয়োজন কৰা হৈছে ৷ ১ এপ্ৰিল তাৰিখে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানেৰে আয়োজন কৰিব লগা এই অনুষ্ঠানত দেশৰ বিভিন্ন অংশত কৰ্মৰত প্ৰায় দুশৰো অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ৷ ন-পুৰণি ছাত্ৰছাত্ৰীৰ মহামিলনেৰে জীপাল হবলৈ আগবঢ়া জহিংস্থিত লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে বুলি মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু ড° উমাৰাম তামুলীয়ে জানিবলৈ দিছে ৷ মহাবিদ্যালয়ৰ একালৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়খনৰ আৰম্ভণিৰেপৰা আসন শুৱনি কৰা প্ৰাক্তন অৱসৰপ্ৰাপ্ত বিজ্ঞানগুৰু সকলকো উক্ত অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হব ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱাই ৷ সেয়েহে ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আয়োজক সমিতিৰ হৈ ড° সঞ্জীৱ খাৰঘৰীয়াই সকলোকে আহ্বান জনাইছে আৰু দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটিত নাম পঞ্জীয়ন কৰিবৰ বাবে এই লিংকত https://forms.gle/24wb2H27xRewfoXaA পঞ্জীয়ন কৰিব পাৰে ৷ অধিক জানিবৰ বাবে আয়োজক সমিতিৰ আহ্বায়ক ড° সঞ্জীৱ খাৰঘৰীয়াৰ দূৰাভাষ ৯৭০৬২৪৫১৮৪ নতুবা ডা° দ্বীপজ্যোতি মহন্ত ৮৮৭৬৯৪২৩৮০ ৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷ মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু ড° উমাৰাম তামুলীয়ে এইক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More