তিনিচুকীয়াত ৪৩৯ কৃতবিদ্যক আছুৰ অভিনন্দন

0 15

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰেই আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে । অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ ড° অচ্যুত বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্য্যসূচীৰ আঁত ধৰে তিনিচুকীয়া জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁয়ে । IMG 20220729 WA0026আছুৰ তিনিচুকীয়া আঞ্চলিকৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত উদ্দেশ্যে ব্যাখ্যা কৰে আঞ্চলিকৰ সভাপতি উদিপ বৰপাত্ৰই । সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য্য চেতিয়াই কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ছাত্ৰ-ছাত্ৰীসকলে যিকোনো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰিলে সফলতা লাভ কৰাটো নিশ্চিত, কিন্তু তাৰ সলনি যদি মূল উদ্দেশ্যক পাহৰি যোৱা হয় তেতিয়াই নিজৰ সন্তানক লৈ পিতৃ-মাতৃয়ে চিন্তিত হ’ব লগা হয় । যিহেতু পিতৃ-মাতৃয়ে ঘৰতহে চকুৰ আগত শাসন কৰিব পাৰে, কিন্তু বাহিৰত সেয়া সম্ভৱ নহয় । তেওঁ কয় যে সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মবাইল ফোনৰ সদ্ব্যৱহাৰ কৰিব জানিব লাগিব, কিয়নো আজিৰ দিনত মবাইল ফোনৰ পৰা বহু তথ্য ক্ষন্তেকতে লাভ কৰিব পৰা যায় । কিন্তু একাংশই তাকে নকৰি বিপথে পৰিচালিত হয় । সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ উদ্দেশ্যত ব্ৰতী হৈ আগন্তুক দিনত এই কৃতী ছাত্ৰছাত্ৰীসকল হেৰাই নগৈ সমাজৰ চকুৰ আগত উজলি থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সকলো ছাত্ৰ-ছাত্ৰীকে নিজৰ মাতৃভাষাক সন্মান কৰিবলৈ আৰু ভাল পাবলৈ আহ্বান জনায় । তেওঁ কৃতী ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই কয় যে নিজৰ পৰিয়ালৰ লগতে সমাজত কৰ দিবলৈ শিকক । নিজৰ কৰ্মৰাজিৰে সমাজত কৰ প্ৰদান কৰি নিজৰ লগতে সমাজখন আগুৱাই নিয়ক । বিদেশত গৈ মাথোঁ নিজৰ পৰিয়ালক পোহপাল দিয়া এজন ব্যক্তিতকৈ এইখন সমাজক আগুৱাই লৈ যোৱা ব্যক্তিৰ প্ৰয়োজনীয়তা অধিক । সভাত পৰৱৰ্তী সময়ত তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰশ্মি দত্তয়ো ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য দাঙি ধৰে । ইয়াৰোপৰি সাৰ্বজনীন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বন্দনা বৰা, আছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী, উপসভাপতি বিনয় ডুবে, সাংস্কৃতিক সম্পাদক তচেন গগৈ, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, শিল্পী তথা লেখক অমৃত ৰাজখোৱা, জিলা আছুুৰ সভাপতি ৰাজা বালিমৰা, সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, কৃতী শিক্ষক জগেশ্বৰ চেতিয়াৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আজিৰ সভাত উপস্থিত থাকে । সভাত তিনিচুকীয়াৰ ৱিমেনজ্‌ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ক’লা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা চেৰী গোঁহাইৰ উপৰি ৪৩৯ গৰাকী কৃতী ছাত্ৰছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় । কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৰিতুস্না কোঁৱৰক সাংগঠনিক শ্বহীদ বিশ্বজিত বৰা সোঁৱৰণী বঁটা (নগদ পাঁচ হাজাৰ টকা, চেলেং, গামোচা, স্মাৰক, অভিনন্দন পত্ৰ) আৰু মটক সাহিত্য সভাৰ প্ৰধান সম্পাদক বিকাশজ্যোতি শইকীয়াই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত জিলাখনত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৰিতু মৰাণক সুপ্ৰভা শইকীয়া স্মাৰক বঁটা (পাঁচ হাজাৰ টকা, অভিনন্দন পত্ৰ, চেলেং, গামোচা, স্মাৰক) প্ৰদান কৰা হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More