তিনিচুকীয়ালৈ আহিয়ে আছে লক্ষ লক্ষ টকাৰ ড্ৰাগছ

তিনিচুকীয়াত ৪ মহিলাৰ পৰা জব্দ ৬০ লক্ষ টকাৰ হেৰ’ইন

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুলাই : ড্ৰাগছ আসক্তিৰ পৰিণতিত তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়াবহ তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ ফাদিল হৈছে ডিমাপুৰৰ পৰা নিত্য নতুন কৌশলেৰে তিনিচুকীয়ালৈ লক্ষ লক্ষ টকাৰ ড্ৰাগছ সৰবৰাহৰ উদ্বেগজনক তথ্য ৷ ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত পুৰুষ আৰু মহিলা সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ৷ IMG 20230707 173934আজি পুৱা নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬০ লক্ষ টকাৰ সন্দেহজনক হেৰ’ইন ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) মইদুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত ৰে’লৱে আৰক্ষীৰ সহযোগত অভিযান চলাই এই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰমতে ৰাজধানী এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছৰ জৰিয়তে চাৰিগৰাকী মহিলাই ডিমাপুৰৰ পৰা সৰবৰাহ কৰি আনিছিল জব্দকৃত প্ৰায় ৩০০ গ্ৰাম হেৰ’ইন ৷ ইয়াৰোপৰি আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা নগদ ২৮ হাজাৰ টকা আৰু চাৰিটা মবাইলো জব্দ কৰে ৷ ধৃত মহিলাকেইগৰাকীয়ে ইয়াৰ পূৰ্বেও এনেদৰে ড্ৰাগছৰ সৰবৰাহ কৰা বুলি প্ৰকাশ ৷ আৰক্ষীয়ে বৰ্তমান অধিক তথ্যৰ সন্ধানত মহিলাকেইগৰাকীক মাৰাথন জেৰা চলাই আছে ৷ জানিব পৰা মতে ৰে’লৱে আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত এগৰাকী মহিলাসহ চাহিদ আলী আৰু সুৰেশ প্ৰধান নামৰ দুই সৰবৰাহকাৰীক ৬২.৮৩ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ আটক কৰিছিল ৷ উল্লেখ্য যে ধাৰাবাহিক অভিযানৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা ৷ ইফালে জিলাখনৰ একাংশ নিচামুক্তি কেন্দ্ৰত আশ্ৰয়লৈ থকা ড্ৰাগছ আসক্তৰ অধিকাংশৰ শৰীৰতে ধৰা পৰিছে এইচ আই ভি পজিটিভ ৷ সেইদৰে তিনিচুকীয়া জিলা কাৰাগাৰত কাৰাবাস খটা অধিকাংশ ড্ৰাগছ আসক্তৰ শৰীৰতে এইচ আই ভি পজিটিভ ধৰা পৰিছে ৷ জানিব পৰা মতে বিগত বৰ্ষত তিনিচুকীয়া জিলাত যিমান সংখ্যক এইচ আই ভি পজিটিভৰ সংখ্যা ধৰা পৰিছিল তাৰ ৫০ শতাংশতকৈও অধিক চলিত বৰ্ষৰ তিনি, চাৰিমাহতে ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে নৱপ্ৰজন্মৰ যুৱক-যুৱতী ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More