তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ প্ৰতিবাদ

0 4

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ জুলাই : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে অসমত বসবাস কৰা আদিবাসীৰ ৩৬ টা জাতি, উপজাতিৰ চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জাতিৰ অংগ নহয়, অসমৰ খিলঞ্জীয়া নহয়, গোজেই গজালি হোৱা, বহিৰাগত বুলি চূড়ান্ত অপমানজনক মন্তব্য কৰা, আদিবাসী ব্যক্তি এজনৰ মুখত বিজেপি নেতাই প্ৰস্ৰাৱ কৰা আৰু যোৱা ৫ মাহে আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানী গাঁওৰ নাবালিকা ধৰ্ষণৰ অভিযোগত বিজেপি নেতা সমুদ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি ২ ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) পানীতোলা শাখাৰ সম্পাদকৰ লগতে প্রদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা অসম প্ৰদেশ চাহ মজদুৰ অদিবাসী কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, বিনোদ খাৰিয়া, হাকন পাল, যোগীন্দৰ সিং, প্ৰেম উপধ্যায় প্ৰমুখ্যে নেতৃবৃন্দৰ উপৰি বহুসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ এক বিবৃতিত ৰাজু চাহুৱে কয় যে বিৰোধী দলৰ নেতাই কিবা এটা কলেই বা কৰিলেই অসম পুলিচে তাৎক্ষণিক ব্যৱস্থা গ্ৰহন কৰে ৷ কিন্তু পৰিতাপৰ বিষয় যে একেই অসম পুলিচে যোৱা ৫ মাহে বৰডুবি থানাৰ অন্তৰ্গত নাবালিকা ধৰ্ষণৰ অভিযোগ উঠা সমুদ্ৰে ৰায়ক একমাত্র বিজেপি নেতা হোৱাৰ বাবেই গ্ৰেপ্তাৰ নকৰাটো অতি দুৰ্ভাগ্যজনক আৰু নিন্দনীয় ৷ বিবৃতিটোত উল্লেখ যে বিজেপিৰ নেতা, পালিনেতাকলে ধর্ষিতা নাবালিকাগৰাকীৰ মাতৃ বুধুনী প্ৰজাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ বাবে ভয়, শংকাত বুধুনী প্ৰজাই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লবলৈ বাধ্য হ’ল ৷ কিন্তু আজিলৈকে নাবালিকাগৰাকীয়ে অসম চৰকাৰৰ পৰা ন্যায় নাপালে ৷ সৌ সিদিনা প্ৰবেশ শুক্লা নামৰ বিজেপি নেতাই আদিবাসী ব্যক্তি এজনৰ প্ৰস্ৰাৱ কৰি আদিবাসীসকলক চূড়ান্ত অপমান কৰিলে ৷ কিন্তু ইয়াৰ কোনো বিচাৰ নহ’ল ৷ অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বাগিছাই বাগিছাই প্রবল প্রতিবাদী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More