তিনিচুকীয়াৰ গুইজানত নৱনিৰ্মীত শ্বহীদ ভৱন উদ্বোধন কৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই

0 20
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান বজাৰত নৱনিৰ্মীত গুইজান শাখা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱন উদ্বোধন কৰে৷ বিহু, ঝুমুৰ, মিছিং বিহুকে আদি কৰি একাধিক সাংস্কৃতিক দলৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজৰ সৈতে আছুৰ কৰ্মীসকলে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনক আদৰণি জনোৱাৰ পাছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ অন্তত শংকৰজ্যোতি বৰুৱাই ফিটা কাটি শ্বহীদ ভৱনটো উদ্বোধন কৰে ৷ অনুষ্ঠানত জিলা আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, স্থানীয় কেইবাগৰাকীও শিক্ষকৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিৰ উপৰি জিলা, আঞ্চলিক আৰু শাখা পৰ্যায়ৰ আছুৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ গুইজান শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনক ফুলাম গামোছা, চেলেং চাদৰ আৰু শৰাইৰ লগতে এখন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উদ্ধোধনী সভাত নিজৰ ভাষণত শংকৰজ্যোতি বৰুৱাই কয় যে গুইজান শাখা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত এখন শক্তিশালী শাখা ছাত্ৰ সন্থা ৷ গুইজান শাখা ছাত্ৰ সন্থাই গুইজানৰ বিভিন্ন সমস্যাত ৰাইজৰ হকে মাত মাতি আহিছে ৷ এতিয়াৰ পৰা এইখন চালিৰ তলতে সকলো একত্ৰিত হৈ পৰিকল্পনা প্ৰস্তুত কৰিব ৷ এয়া কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় নহয়, এয়া গুইজানৰ প্ৰতিজন সমাজ সচেতন ব্যক্তি, সমাজৰ হকে কাম কৰিব বিচৰা লোকৰ কাৰ্যালয় বুলি তেওঁ কয়৷ গুইজানৰ গড়াখহনীয়াৰ সমস্যা, শৈক্ষিক সমস্যাকে আদি কৰি সকলো সমস্যাৰ ক্ষেত্ৰত গুইজান শাখা ছাত্ৰ সন্থাই এই কাৰ্যালয়ত একত্ৰিত হৈ মাত মাতি যাব বুলিও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে ব্যক্ত কৰে৷ উল্লেখ্য, ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ কথাও সক্ৰিয়ভাৱে বিবেচনা কৰিছে গুইজান শাখা ছাত্ৰ সন্থাই ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More