তিনিচুকীয়াৰ পৰিত্যক্ত বাছত উদ্ধাৰ অচিনাক্ত মৃতদেহ

0 16
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ নপুখুৰীস্থিত বাছ আস্থানত আজি এক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে এখন পৰিত্যক্ত অৱস্থাত থকা বাছৰ পৰা অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ হয় ৷ অৱশ্যে মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই ৷ কিন্তু ইতিমধ্যে বেয়া হ’বলৈ ধৰা মৃতদেহটোলৈ লক্ষ্য কৰি ব্যক্তিজনৰ কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ যিখন বাছৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে উক্ত বাছখন জনৈক যতিন দুৱৰাৰ বুলি প্ৰকাশ ৷ সূত্ৰমতে বাছখন প্ৰায় ৬/৭ মাহৰ পৰা তাত পৰিত্যক্ত অৱস্থাত আছিল ৷ আজি ওচৰপাজৰৰ লোকে দুৰ্গন্ধ পাই মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত আৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ কি পৰিস্থিতিত ব্যক্তিজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ ইফালে নপুখুৰীস্থিত বাছ আস্থানটো মদ আৰু জুৱাৰ আড্ডাৰ উপৰি নানা অসামাজিক কামকাজৰ ঘাটিত পৰিণত হোৱা বুলি অভিযোগ উঠিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More