তিনিচুকীয়াৰ বাবে আবণ্টিত চি আই ডি এফৰ ২০০ কোটি ব্য়ৱহাৰত বিসংগতি

উন্নয়ন শূন্য : ক'ত ব্যয় হ'ল বিশাল পুঁজি

0 46

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ জুন : ৰাজ্যৰ ১৭ খন প্ৰধান চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) অৰ্থাৎ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ নামত তিনিচুকীয়া চহৰৰ উন্নয়নৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত আবণ্টিত ২০০ কোটি টকা ব্যৱহাৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে ২০১৯ চনৰ শেষৰ ভাগৰ পৰা এই পুঁজি বিভিন্ন প্ৰকল্প অনুযায়ী পৰ্যায়ক্রমে মোকলাই দিবলৈ আৰম্ভ কৰা হয় ৷ কিন্তু শেহতীয়াকৈ তিনিচুকীয়াস্থ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি এই সন্দৰ্ভত লাভ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷ তিনিচুকীয়া চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষতে আবণ্টন দিয়া পুঁজিৰ ব্যৱহাৰত ব্যাপক বিসংগতি পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনত ৷ চি আই ডি এফ আঁচনিৰ অধীনত বিভিন্ন শিতানত তিনিচুকীয়া চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি টকা ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা এটাও প্ৰকল্প আজি চাৰি বছৰে সুচাৰুৰূপে সম্পূৰ্ণ নহ’ল। কিয় আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ইমান বিলম্ব হৈছে তাৰ উচিত উত্তৰ কাৰো ওচৰত নাই ৷ এই পুঁজিৰ অধীনত গ্ৰহণ কৰা প্ৰথম প্ৰকল্প অনুসৰি চহৰখনৰ ৰে’লৱে ষ্টেচনৰ পৰা শিৱধামলৈকে পথছোৱাৰ উন্নয়ন, বিশেষকৈ পথছোৱা বহল কৰা আৰু নলা নিৰ্মাণৰ নামত দুটা পৰ্যায়ত ১৯.৫৯ কোটি টকা ধাৰ্য কৰা হৈছিল ৷ আজি পৰ্যন্ত কাম সম্পূৰ্ণ হোৱা নাই যদিও ঠিকাদাৰে ইতিমধ্যে বৃহৎ পৰিমাণৰ পুঁজিৰ বিপৰীতে ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰা বুলি প্ৰকাশ । কিন্তু এই বৃহৎ পুঁজিৰ ব্যয়ত গুৰুতৰ বিসংগতি থকাৰ অভিযোগ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে । উল্লেখিত পথছোৱাৰ লগতে নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ঠিকাদাৰে কিদৰে কোটি কোটি টকা ব্যয় কৰা বুলি ব্যৱহাৰিক প্ৰমাণপত্ৰ বিভাগক দাখিল কৰি ধন মোকলাই নিবলৈ সক্ষম হৈছে সেয়া ৰহস্যজনক ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ অন্যান্য বাট-পথ উন্নয়নৰ বাবে চি আই ডি এফৰ অধীনত ঠিকাদাৰে ইতিমধ্যে ২৩ কোটি ৪৭ লাখ টকা ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ সংশ্লিষ্ট বিভাগক দাখিল কৰিছে৷ কিন্তু তিনিচুকীয়াৰ বাট-পথ আৰু নলা-নৰ্দমাৰ উন্নয়নৰ নমুনা দেখিলে সকলোৰে চকু কপালত উঠিব ৷ এজাক বৰষুণতে একাঁঠু পানীত বুৰ যোৱা তিনিচুকীয়া চহৰত প্ৰকৃতাৰ্থত বাট-পথ আৰু নলা-নৰ্দমাৰ উন্নয়ন শূন্য বুলি ক’ব পৰা যায় ৷ লক্ষ্যনীয়ভাৱে চি আই ডি এফৰ অধীনত আবণ্টিত পুঁজি ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা প্ৰকল্পত এবাৰ জি এন বি পথৰ সৌন্দৰ্যবৰ্ধন আৰু নতুন দেওবৰীয়া হাটৰ খৰচৰূপে ৫.৪০ কোটি দেখুৱাৰ পাছত পুনৰ জি এন বি পথ বহল আৰু উন্নয়নৰ নামত ৩.৯১১ কোটিৰ ব্যয় দেখুৱা হৈছে ৷ কিন্তু প্ৰকৃতাৰ্থত প্ৰায় ৯০০ মিটাৰ দৈৰ্ঘ্যৰ জি এন বি পথৰ উন্নয়নৰ নামত মুঠ ৯.৩১১ কোটি ব্যয় কৰাৰ পাছতো ৰাইজৰ চকুত উক্ত পথছোৱাৰ কোনো উন্নয়ন ধৰা নপৰিল ৷ আন্তঃগাঁথনি উন্নয়ন নামত কোটি কোটি টকা ব্যয় কৰা বুলি চৰকাৰী নথিত উল্লেখ কৰা হৈছে যদিও তিনিচুকীয়া চহৰৰ প্ৰায়বোৰ বাট-পথে, নলা-নৰ্দমা আজিও বিধ্বস্ত আৰু জৰাজীৰ্ণ। আন্তঃগাঁথনি উন্নয়ন বাবে চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকা কিদৰে হৰলুকি ঘটিছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More