তিনিচুকীয়াৰ বাৰেকুৰিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুষ্প্ৰাপ্য হলৌৰ মৃত্যু : সংখ্যা ১৮ টালৈ হ্ৰাস

0 131

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গড় লৈ উঠা তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত কালি পুনৰ মৃত্যু ঘটিল এটা প্ৰায় ১৪ বছৰীয়া হলৌ বান্দৰৰ ৷ ইয়াৰ লগে লগে বৃহত্তৰ বাৰেকুৰি অঞ্চলত কেইবাটাও পৰিয়ালত বিভক্ত হৈ থকা ১৯ টা হলৌ বান্দৰ ১৮ টালৈ হ্ৰাস পোৱাৰ বাবে শোক প্ৰকাশ কৰিছে বাৰেকুৰিবাসীয়ে ৷ জানিব পৰা মতে কালি পুৱাৰ ভাগত বাৰেকুৰিৰ যজ্ঞোখোৱা গাঁৱত উদ্ধাৰ হয় মতা হলৌ বান্দৰটোৰ মৃতদেহ ৷ শৰীৰত প্ৰত্যক্ষ কৰা আঘাতৰ দাগ দেখি অন্য পৰিয়ালৰ হলৌ বান্দৰৰ লগত সংঘাত হোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে ৷ এই সন্দৰ্ভত পৰিৱেশকৰ্মী দীপ্লৱ চেতিয়াই প্ৰকাশ কৰা মতে পুৱা পৰ্যন্ত আঘাতপ্ৰাপ্ত হলৌ বান্দৰটো জীৱিত আছিল যদিও চিকিৎসাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে মৃত্যু ঘটে ৷ পৰৱৰ্তী সময়ত হলৌ বান্দৰটোৰ মৰনোত্তৰ পৰীক্ষা কৰি মৃতদেহ বন বিভাগৰ উপস্থিতিত সৎকাৰ কৰা হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More