তিনিচুকীয়াৰ সীমান্তৱৰ্তী বজাৰত চি আৰ পি এফৰ কনিষ্টবলক ছুৰী মাৰি হত্যা

0 66

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমছাত সীমামূৰীয়া চেকগেটৰ সমীপতে আজি সন্ধিয়া অচিনাক্ত আততায়ীয়ে চি আৰ পি এফৰ এজন কনিষ্টবলক ছুৰীকাঘাত কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মটৰচাইকেলত অহা দুৰ্বৃত্তই ছুৰী মাৰি হত্যা কৰা চি আৰ পি এফৰ কনিষ্টবলজনৰ পৰিচয় সুনীল কুমাৰ পাণ্ডে বুলি জানিব পৰা গৈছে ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কনিষ্টবল পাণ্ডে অসামৰিক পোছাকত আছিল বুলি সূত্ৰত প্ৰকাশ ৷ নিহত কনিষ্টবলজনে জন্মাষ্টমী উপলক্ষে আন জোৱানৰ সৈতে বজাৰ কৰিবলৈ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাধৱপুৰ বজাৰলৈ অহাৰ সময়তে ঘটনাটো সংঘটিত হয় ৷ চি আৰ পি এফৰ দলটো অৰুণাচলত কৰ্তব্যত নিয়োজিত আছিল ৷ আততায়ীয়ে নিহত পাণ্ডেক ওচৰলৈ মাতি নি ছুৰীকাঘাত কৰা বুলি জানিব পৰা গৈছে ৷ আনহাতে ঘটনা সংঘটিত কৰিয়েই আততায়ী অৰুণাচল প্ৰদেশৰ নামচাই অভিমুখে পলায়ন কৰে ৷ গুৰুতৰভাৱে আহত অৱস্থাত কনিষ্টবলজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁ মৃত্যুবৰণ কৰে ৷ ইফালে ঘটনাস্থলীত চি আৰ পি এফ আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More