তিনিচুকীয়া ষ্টেচনত সন্দেহজনক হেৰ’ইনসহ ধৃত যুৱক-যুৱতী

0 7
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ নৱেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ অন্তৰ্গত শুকুৰবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা সন্দেহজনক হেৰ’ইনসহ এহাল যুৱক-যুৱতীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱক-যুৱতীহাল ক্ৰমে প্ৰণৱ দৰ্জী (২৩) আৰু প্ৰিয়ংকা শইকীয়া (১৮) বুলি প্ৰকাশ ৷ জানিব পৰা মতে প্ৰণৱ দৰ্জীৰ ঘৰ শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰত ৷ আনহাতে প্ৰিয়ংকা শইকীয়া বৰ্তমানৰ ঠিকনা দুলীয়াজানৰ কমলাবাৰী পথৰ ১৬ নং তিনিআলি যদিও তেওঁৰ স্থায়ী ঠিকনা হৈছে নাহৰকটীয়াৰ চাঁচনীৰ বৰবাম গাঁও ৷ তেওঁলোকে ৰঙিয়া এক্সপ্ৰেছত ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ আহিছিল ৷ দুয়োজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে মুঠ ১১২.৯৬ গ্ৰাম পৰিমাণৰ ৮ পেকেট সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More