তিনিচুকীয়া ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দল

বাগিচা অঞ্চলত শিশুৰ সুৰক্ষাৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিয়াৰ পৰামৰ্শ

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ জুলাই : তিনিচুকীয়া জিলাত শিশুৰ অধিকাৰৰ সুৰক্ষাৰ বুজ লোৱাৰ বাবে শেহতীয়াকৈ ইয়াত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দল । তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে সমগ্ৰ জিলাখনতে শিশু সুৰক্ষাৰ স্থিতি সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠকত বৃহস্পতিবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দলটো মিলিত হয়। বৈঠকৰ আৰম্ভণিতে আয়োগৰ সদস্যদ্বয় ক্ৰমে ড° পিলু হাজৰিকা আৰু অজয় কুমাৰ দত্তক সমাজকল্যাণ বিভাগৰ শিশু সুৰক্ষা সেৱাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বৈঠকত উপায়ুক্ত নৰসিং পৱাৰে শিশুৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ সমাজৰ সকলোলৈকে আহ্বান জনায় । জিলাখনত শিশু শ্ৰমিকৰ তথ্য তাৎক্ষণিকভাৱে প্ৰশাসন তথা শ্ৰম বিভাগক অৱগত কৰিবলৈয়ো তেওঁ আহ্বান জনায় । আনহাতে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি লগতে নিয়মিতৰূপে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে । বিদ্যালয় আধাতে এৰা ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ বাবেও উপায়ুক্তই শিক্ষা বিভাগক নিৰ্দেশ দিয়ে । বৈঠকত উপস্থিত আয়োগৰ সদস্যসকলে চাহ বাগিচা অঞ্চলসমূহত শিশুৰ সুৰক্ষাৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায় । লগতে বিদ্যালয় আধাতে এৰা শিশুসকলক চিনাক্ত কৰি শিক্ষা প্ৰদানৰ বাবে বিশেষ পদক্ষেপ লবলৈও আহ্বান জনায় । বৈঠকত জিলা প্ৰশাসনৰ একাধিক উচ্চ পদস্থ বিষয়াৰ লগতে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আইনী পৰামৰ্শদাতা, আৰক্ষী বিভাগ, শিক্ষা বিভাগ, শ্ৰম বিভাগ, সমাজকল্যাণ বিভাগ, জিলা শিশু সুৰক্ষা সেৱাৰ বিষয়ববীয়া, ক’ল ইণ্ডিয়া লিমিটেডৰ জেনেৰেল মেনেজাৰ তথা শিশু সুৰক্ষাৰ সৈতে জড়িত জিলাখনৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে । উল্লেখ্য যে আয়োগৰ সদস্যদ্বয়ে আইনী পৰামৰ্শদাতা দিব্যজ্যোতি শৰ্মাৰ সৈতে ২৭ জুলাইত মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু আৰু মাৰ্ঘেৰিটা অঞ্চলৰ দুখন বিদ্যালয় পৰিদৰ্শন কৰে । বিদ্যালয় পৰিদৰ্শনৰ সময়ত আয়োগৰ সদস্যসকলে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থী, মধ্যাহ্ন ভোজন তথা বিদ্যালয়সমূহত শিক্ষাৰ মান আদি বিভিন্ন বিষয়ৰ ওপৰত নিৰীক্ষণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More