তিনি মাহৰ পাছত উদ্ধাৰ লিডুৰ অবৈধ কয়লা খনিত নিৰুদিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

বস্তাত ভৰাই নিমখ আৰু ফেনাইল ঢালি মৃতদেহ নষ্ট কৰাৰ অপচেষ্টা চলাইছিল কয়লা মাফিয়া চক্ৰই

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ এপ্ৰিল : পুৱাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ এটা ফেচবুক পষ্ট – ’অসম আৰক্ষীয়ে উৰ্ব্বশী মৰাণক দিয়া প্ৰতিশ্ৰুতি ৰাখিলে ৷ মৃত প্ৰাঞ্জল মৰাণৰ অৱশিষ্ট উদ্ধাৰ কৰিলে আইজিপি জিৎমল দলেৰ নেতৃত্বত এটা দলে ৷ আমি পৰৱৰ্তী আইনী পদক্ষেপৰ বাবে সংকল্পৱদ্ধ ৷’ আৰক্ষী সঞ্চালকপ্ৰধানৰ এই বিশেষ ফেচবুক পষ্টে কঢ়িয়াই আনিল তিনিচুকীয়া জিলাৰ লিডুৰ অবৈধ কয়লা খনিত অকালতে হেৰাই যোৱা স্বামী প্ৰাঞ্জল মৰাণৰ সন্ধান বিচাৰি উৰ্ব্বশী মৰাণে প্ৰায় তিনিমাহ ধৰি অব্যাহত ৰখা আপোচবিহীন সংগ্ৰামৰ সফলতাৰ বাৰ্তা ৷ অৱশ্যে উৰ্ব্বশীৰ এই সফলতা কেৱল আংশিক ৷ কিয়নো প্ৰাঞ্জলৰ অকাল মৃত্যুৰ আঁৰত থকা অবৈধ কয়লা মাফিয়া চক্ৰক আৰক্ষীয়ে ঢুকি নোপোৱালৈকে উৰ্ব্বশীৰ সংগ্ৰামে সফলতা লাভ নোৱাৰে ৷ আজি স্বামীৰ মৃতদেহৰ সন্মুখত ক্ৰন্দনৰত উৰ্ব্বশীয়ে সংবাদ মাধ্যমৰ আগত সেই কথাই দোহাৰে ৷ উল্লেখ্য, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ নিৰ্দেশত মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত নিৰুদিষ্ট হোৱা মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ শুংসূত্ৰ বিচাৰি যোৱা শুকুৰবাৰৰ পৰা তদন্ত আৰম্ভ কৰিছিল আইজিপি (এন ই আৰ) জিৎমল দলেয়ে ৷ বিগত তিনিবছৰে উৎপাদন বন্ধ হৈ থকা টিৰাপ কলিয়ৰীত যি স্থানত প্ৰাঞ্জলৰ মৃতদেহ থকা বুলি সন্দেহ কৰা হৈছিল উক্ত স্থানত ক’ল ইণ্ডিয়াৰ বিষয়াৰ উপস্থিতিত এছ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ সহযোগত অভিযান চলোৱা হৈছিল যদিও যোৱা কেইবাদিনো প্ৰতিকূল বতৰৰ বাবে যথেষ্ট বিপদসংকুল পৰিবেশত অভিযান চলোৱাতো দুৰূহ হৈ পৰিছিল ৷ অৱশেষত বৃহস্পতিবাৰৰ পৰা বতৰ মুকলি হোৱাত আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তোলে আৰু আজি টিৰাপ কলিয়ৰীৰ এটা অবৈধ কয়লা খনন সুৰংগৰ প্ৰায় ৫০ মিটাৰমান ভিতৰৰ পৰা উদ্ধাৰ হয় প্ৰাঞ্জল মৰাণৰ মৃতদেহ ৷ ইফালে উক্ত কয়লা খনিত অবৈধভাৱে কয়লা খনন আৰু প্ৰাঞ্জলৰ মৃতদেহ পুতি ৰখা কাৰ্যত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ১৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ সূত্ৰমতে কয়লা মাফিয়া চক্ৰই বস্তাত ভৰাই নিমখ আৰু ফেনাইল ঢালি প্ৰাঞ্জলৰ মৃতদেহ নষ্ট কৰাৰ চেষ্টা চলাইছিল ৷ আনহাতে আজি পুৱা আইজিপি জিৎমল দলেৰ পৰা প্ৰাঞ্জলৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পাৰি উৰ্ব্বশী মৰাণ লিডু আৰক্ষী চকীত উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ স্বামীৰ মৃতদেহৰ অৱশিষ্ট প্ৰত্যক্ষ কৰি কান্দোনত ভাঙি পৰে উৰ্বশী মৰাণ ৷ ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১৭ জনক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰাৰ বিপৰীতে গোচৰীয়া পক্ষই এজাহাৰাত নামোল্লেখ থকা বি গণেশকে ধৰি আটাইকে গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ কৰিছে ৷ উল্লেখ্য, পত্নী আৰু একমাত্ৰ আঢ়ৈ বছৰীয়া পুত্ৰক এৰি শ্ৰম কৰি ধন ঘটাৰ মানসেৰে বিগত ডিচেম্বৰত কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰাৰ বাবে ৰাওনা হৈছিল জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ ২৪ বছৰীয়া যুৱক প্ৰাঞ্জল মৰাণ ৷ সপ্তাহ, দহদিনৰ মূৰে মূৰে ঘৰলৈ অহা প্ৰাঞ্জল ডিচেম্বৰৰ শেষৰ পৰা ৬ জানুৱাৰীলৈকে ঘৰতে আছিল ৷ ৬ জানুৱাৰীত পুনৰ কামলৈ বুলি ওলাই যোৱা প্ৰাঞ্জলে সেইবাৰ কৰ্মস্থলীত চাৰ্জ দিবলৈ অসুবিধা হোৱাৰ বাবে নিজৰ মবাইলটো ঘৰতে থৈ গৈছিল ৷ ১২ জানুৱাৰীলৈকে আনৰ মবাইলৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ ৰখা প্ৰাঞ্জল দুদিন পাছত ভোগালী বিহুৰ বাবে ঘৰলৈ অহাৰ কথাও আছিল ৷ কিন্তু ৰহস্যজনকভাৱে ১২ জানুৱাৰীৰ পাছৰ পৰা যুৱকজন যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ পৰিয়ালৰ লোকে প্ৰাঞ্জলৰ ইজন সিজন সহকৰ্মীলৈ ফোন কৰি যুৱকজনৰ সন্ধান লাভৰ অশেষ চেষ্টা কৰে যদিও কাৰো পৰা কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহয় ৷ সেই সময়তে লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দুজন শ্ৰমিকৰ কৰুণ মৃত্যুৰ বাতৰিয়ে একাংশ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে ৷ এই বাতৰিত আতংকিত প্ৰাঞ্জলৰ পৰিয়ালে যুৱকজনৰ সন্ধানত ১ ফেব্ৰুৱাৰীত নিজে গৈ লিডুত উপস্থিত হয় আৰু কয়লা খননৰ লগত জড়িত একাধিক ব্যক্তিক সোধপোছ কৰি প্ৰাঞ্জলৰ সন্ধান উলিওৱাৰ প্ৰয়াস কৰে ৷ একাংশ লোকে যুৱকজন পূৰ্বে দেখা বুলি কয় যদিও বৰ্তমান তেওঁ ক’ত সেই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৷ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ইয়াৰ পাছদিনাই অৰ্থাৎ ২ ফেব্ৰুৱাৰীৰ পুৱা তেওঁলোকৰ ঘৰত উপস্থিত হোৱা লক্ষীপথাৰৰ হৰেন গগৈ (মুন) নামৰ এজন লোকে অবৈধ কয়লা খনিত প্ৰাঞ্জলৰ মৃত্যুৰ খবৰ জাহিৰ কৰে ৷ কয়লা মাফিয়া চক্ৰই ধনৰ বিনিময়ত প্ৰাঞ্জলৰ পৰিয়ালৰ মুখ বন্ধ কৰাৰ অপচেষ্টাত লিপ্ত হয় যদিও স্বামী জীৱিত নে মৃত তাৰ নিশ্চিত তথ্য বিচাৰি আৰু যদিহে মৃত তেন্তে মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ দাবীত প্ৰাঞ্জলৰ পত্নী উৰ্ব্বশী মৰাণে অব্যাহত ৰখা আপোচবিহীন সংগ্ৰামে অৱশেষত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু সঞ্চালকপ্ৰধানৰ নিৰ্দেশত নিৰুদিষ্ট প্ৰাঞ্জল মৰাণৰ শুংসূত্ৰ বিচাৰি শুকুৰবাৰৰ পৰা পুনৰ তদন্ত আৰম্ভ কৰিছে আইজিপি (এন ই আৰ) জিৎমল দলেই ৷ উল্লেখ্য যে সন্ধানহীন যুৱকজনৰ পৰিয়ালে ইতিপূৰ্বে মাৰ্ঘেৰিটা আৰক্ষীক একাধিক ব্যক্তিৰ নাম, ফোন নম্বৰকে ধৰি সম্পূৰ্ণ তথ্যসহ এজাহাৰ দাখিল কৰাৰ পাছতো মাৰ্ঘেৰিটা আৰক্ষী তথা প্ৰশাসনৰ পৰা সহযোগিতা নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল আৰু ইয়াৰ পাছতে উৰ্ব্বশীয়ে লৈছিল আপোচবিহীন আন্দোলনৰ পথ ৷ স্মৰ্তব্য, লিডু, মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত নিৰীহ শ্ৰমিকৰ অকাল মৃত্যু কোনো নতুন ঘটনা নহয় ৷ ‘খাদান’ বুলি স্থানীয় ভাষাত পৰিচিত অবৈধ কয়লা খনিত (ৰেট হ’ল মাইনিং) শ্ৰমিকৰ অকাল মৃত্যুৰ ঘটনা একাধিকবাৰ সংঘটিত হৈছে আৰু প্ৰায় প্ৰতিবাৰেই সমগ্ৰ ঘটনাক গাপ দিবলৈ সক্ষম হৈছে প্ৰভাৱশালী কয়লা মাফিয়া চক্ৰ ৷ অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয় । কোনো কোনো ক্ষেত্ৰত শ্ৰমিকক উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপিথুপি থবলৈ সক্ষম হয় ৷ চোৰাং কয়লা মাফিয়াৰ দৌৰাত্ম্যত মৃত্যু উপত্যকাত পৰিণত হোৱা মাৰ্ঘেৰিটাত প্ৰাঞ্জল সন্ধানহীন হোৱাৰ কিছুদিন পূৰ্বে টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত জিলাখনৰ বৰডুমচাৰ কাৰ্তিক গোৱালা আৰু মাকুমৰ পশ্চিম মামৰণীৰ বিজয় মূঢ়া নামৰ দুজন শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰিছিল ৷ ইয়াৰোপৰি বিগত বৰ্ষৰ ২৬ জুলাইৰ নিশা লিডুৰ ১ নং কয়লাপাৰাৰ শুভম দাস নামৰ যুৱকজনৰ অকাল মৃত্যুৰ পাছত পুনৰ ২৭ জুলাইৰ নিশা টিৰাপ কলিয়ৰীৰ ৬ নং লাইনৰ এক অবৈধ কয়লা খনিত খনন চলাবলৈ গৈ খনিৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ লগতে ইয়াৰে এজন নিহত হোৱাৰ ঘটনা সংবাদ মাধ্যমে পোহৰলৈ আনিছিল ৷ তাৎপৰ্য্যপূৰ্ণভাৱে উক্ত দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্ৰশাসনৰ ওচৰত নাছিল কোনো তথ্য ৷ কিন্তু সংবাদকৰ্মীৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছিল যে ২৭ জুলাইৰ নিশা লিডু অঞ্চলৰ জনৈক বেতাব মালি, ৰাজা আৰু ৰাজীৱ নামৰ কয়লা চোৰ কেইটাৰ অবৈধ কয়লা খনিত অগ্নিদগ্ধ শ্ৰমিক তিনিজনক ঘটনাৰ নিশাই চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ অৱশ্যে প্ৰায় ২০/২১ বছৰীয়া ছফিকুল ইছলাম, জয়নাল ইছলাম আৰু বি ইছলাম নামৰ শ্ৰমিক কেইজনক হোটেলত আহাৰ বনাই থকাৰ সময়ত ষ্ট’ভ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হোৱা বুলিহে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ কিন্তু অবৈধ কয়লাখনিত সংঘটিত এই দুৰ্ঘটনা পোহৰলৈ আহিবলৈ ধৰাত বিপদৰ আশংকাত চিকিৎসা চলি থকাৰ মাজতে কয়লা মাফিয়াই তেওঁলোকক দ্বিতীয় দিনাই মেডিকেলৰ পৰা গোপনে অজ্ঞাত স্থানলৈ লৈ যাবলৈ সক্ষম হয় ৷ কিন্তু এই সমস্ত ঘটনা তথ্যসহ প্ৰকাশ পোৱাৰ পাছতো মাৰ্ঘেৰিটা আৰক্ষীয়ে এই বিষয়ে একো নেজানে বুলিহে প্ৰকাশ কৰিছিল ৷ ইয়াৰোপৰি মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ নাগা নামৰ চোৰাং কয়লা বেপাৰীৰ অবৈধ খনিত খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত বিগত বৰ্ষৰ ১৮ ছেপ্টেম্বৰত ঘটনাস্থলীতে মৃত্যু ঘটিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী নামৰ ৩ শ্ৰমিকৰ ৷ কয়লা মাফিয়াই নিশাৰ ভাগতে জে চি বি ব্যৱহাৰ কৰি গাত খান্দি মৃতদেহ তিনিটা পুতি সকলো প্ৰমাণ নষ্টৰ অপচেষ্টা চলাই যদিও সতীৰ্থ শ্ৰমিকে নিহত শ্ৰমিকৰ পৰিয়ালক ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছত সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু এই ভয়াৱহ ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰাৰ পাছত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় মাৰ্ঘেৰিটাৰ আৰক্ষী ৷ কয়লা মাফিয়াই গোপনে পুতি ৰখা মৃতদেহকেইটা খান্দি উলিয়াই পৰিয়ালক চমজাই দিয়া হ’য় যদিও সাৰি যাবলৈ সক্ষম হয় চোৰাং কয়লা মাফিয়া ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More