শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট :“এই পৃথিৱী এক ক্ৰীড়াংগন /ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন” – শীৰ্ষক ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেজপুৰতে ৰচনা কৰা এই গীতৰ মাজত আজি ৰাজ্যখনৰ তিনি শতাধিক যোগ ক্ৰীড়াৰ প্ৰতিযোগীয়ে মুখৰিত কৰি তোলে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগন । উল্লেখ্য যে, অসম ৰাজ্যিক যোগ সন্থাৰ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলা যোগ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা আজি পুৱা আৰম্ভ হয় ৰাজ্যিক সন্হা আৰু জিলা সন্হাৰ দুখনকৈ পতাকা উত্তোলনৰে। ৰাজ্যিক সভাপতি তপন কুমাৰ দাস আৰু জিলা সন্থাৰ সভাপতি নীলকান্ত শৰ্মাৰ দ্বাৰা পতাকা উত্তোলনৰ পিছতেই যি দুগৰাকী ব্যক্তিৰ সোঁৱৰণত প্ৰতিযোগিতাৰ মূল মঞ্চ উৎসৰ্গা কৰা হৈছে ক্ৰমে – হেমন্ত কুমাৰ বৰুৱা আৰু জীৱন চন্দ্র শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সহধৰ্মিনী হিমাদ্ৰী বৰুৱা আৰু মিনু শৰ্মাই। ইয়াৰ পিছতেই সংগীত শিল্পী মনোজ নাথৰ পৰিচালনাত শোণিতপুৰ জিলা যোগ সন্হাৰ সদস্যা সকলে পৰিৱেশন কৰে “এই পৃথিৱী এক ক্ৰীড়াংগন শীৰ্ষক গীত। উদযাপন সমিতিৰ প্ৰচাৰ উপ সমিতিৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম চৰকাৰৰ ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে আন অতিথি সকলৰ সৈতে বন্তি প্ৰজ্বলন কৰাৰ পিছত নিজৰ ভাষণত অসম চৰকাৰে তেওঁৰ ওপৰত অৰ্পণ কৰা দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা চলাইছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উঠি অহা প্ৰজন্মৰ মাজত এক সুস্থ ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰি যিকোনো ক্ৰীড়াতেই অসমৰ সন্তান সকলক পাৰদৰ্শী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে সকলো সহযোগিতা আগবঢ়াবলৈ সংকল্পবদ্ধ বুলি মন্তব্য কৰি যোগ ক্ৰীড়াৰ বাবেও সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আয়োজক সমিতিৰ সম্পাদক তথা শোণিতপুৰ জিলা যোগ সন্থাৰ সম্পাদক নমিতা লহকৰে আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনলৈ প্ৰতিযোগী সকলক আদৰণী জনাই সমগ্ৰ বিশ্বতে এতিয়া যোগাসন এক বিশেষ ক্ৰীড়ালৈ পৰ্য্যবসিত হৈছে বুলি মন্তব্য কৰে। আনহাতে শৰীৰ চৰ্চাৰ মিষ্টাৰ ইণ্ডিয়া বিজিৎ গগৈও উপস্থিত থকা আৰু তিনিটি শিশুৱে আকৰ্ষণীয় যোগ কলা প্ৰদৰ্শন কৰা উদ্বোধনী অনুষ্ঠানটিত অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই সাম্প্ৰতিক সময়ত যোগ ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি অসমৰ লগতে তেজপুৰৰ পৰা বিগত সময়ত যোগ ক্ৰীড়া প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ উদাহৰণ দাঙি ধৰি চৰকাৰে যোগ ক্ৰীড়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ প্ৰসংগ উত্থাপন কৰে। অসম যোগ সন্থাৰ সভাপতি তপন কুমাৰ দাসে ভাষণ প্ৰসংগত যোগ ক্ৰীড়াৰ ক্ষেত্ৰত অসমে কেনেদৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাৰ উদাহৰণ দাঙি ধৰি এই ক্ৰীড়াৰ আন্ত গাঁঠনিৰ বহু তথ্য দাঙি ধৰে। অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সকলো প্ৰতিযোগীক তেজপুৰলৈ আদৰণী জনাই শোণিতপুৰ জিলা যোগ সন্হাই জিলাখনত যোগ ক্ৰীড়াৰ এক সুস্থ পৰিৱেশ দাঙি ধৰাই নহয় যোগ ক্ৰীড়াৰ বিকাশ আৰু উত্তৰণৰ বাবে যথেষ্ট কাম কৰিছে বুলি মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানতেই পশ্চিম বংগ নিবাসী যোগ ক্ৰীড়াৰ চাৰিগৰাকী ৰাষ্ট্ৰীয় ৰেফাৰী ক্ৰমে – মাণিক প্ৰধান, শ্যামল কুমাৰ দত্ত, সুব্ৰত সৰকাৰ আৰু চয়ন মল্লিকক বিশেষ ভাবে সন্মান জনোৱাৰ পিছত আজিৰ প্ৰথম দিনটোৰ প্ৰতিযোগিতা আৰম্ভ কৰে ৰাজ্যিক সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.