ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ফেব্ৰুৱাৰীঃ প্ৰতিকুল বতৰ সত্বেও আজি তেজপুৰৰ লগতে ৰাজ্যখনৰ ছয় আকাশী পথৰে আৰম্ভ হৈছে পৱন হংসৰ হেলিকপ্টাৰ সেৱা৷ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক যোগাযোগ সেৱা আঁচনি চমুকৈ আৰ চিচিৰ উৰে দেশ কী আম নাগৰিক অৰ্থাৎ উড়ানৰ অধীনত আজিৰে পৰা তেজপুৰক সংযোগ কৰি আৰম্ভ হ’ল এই সেৱা। আজি দিনৰ ১.১৫ বজাত তেজপুৰ বিমান কোঠত অৱতৰণ কৰে উড়ান আঁচনিৰ অধীনত প্ৰথমখন হেলিকপ্টাৰ।পৱনহংস লিমিটেডৰ ১১খন আসনযুক্ত হেলিকপ্টাৰ সেৱাৰ অধীনত ৰাজ্যৰ ছয় স্থানলৈ হেলিকপ্টাৰ সপ্তাহত তিনিদিন চলিব। ডিব্ৰুগড়ৰ পৰা মূলতঃ চলিব লগীয়া এই সেৱা যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব। সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা আৰু পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশকো সামৰি লব। প্ৰতি সোম,বুধ আৰু শুক্ৰবাৰে দিনৰ ১১.৪৫ তেজপুৰৰ পৰা গুৱাহাটী, দিনৰ ১.০৫বজাত গুৱাহাটীৰ পৰা তেজপুৰলৈ আৰু তেজপুৰৰ পৰা যোৰহাটলৈ ২.১০ত এই সেৱা উপলব্ধ হ’ব। এই সেৱাৰ বিপৰীতে তেজপুৰৰ পৰা গুৱাহাটীলৈ ৫৯৪৫ টকা, তেজপুৰৰ পৰা ডিব্ৰুগড় ১০,৭৭৪ টকা, তেজপুৰৰ পৰা যোৰহাটলৈ ৫৬৬২ টকা টিকটৰ মূল্য ধাৰ্য কৰা বুলি তেজপুৰ বিমান কোঠৰ সঞ্চালক জ্যোতিৰ্ময় বৰুৱাই জানিব দিয়ে। এই হেলিকপ্টাৰ সেৱাৰ ভাড়া কিছু বেছি হোৱা বুলি উপলব্ধি কৰি পৱন হংস কতৃপক্ষক বিষয়টো সন্দৰ্ভত অৱগত কৰিব বুলি সদৰী কৰে তেওঁ। এই সেৱাই ৰাজ্যৰ পৰ্যটন তথা বাণিজ্য ক্ষেত্ৰখনৰ উন্নতি সাধন হ’ব বুলিও তেওঁ আশা ব্যক্ত কৰে।