তেজপুৰত “অসমীয়া ক্লাব” ৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

বিশিষ্ট গীতিকাৰ - সুৰকাৰ বংকিম শৰ্মাক "সদস্য মহীয়ান" উপাধিৰে বিভূষিত

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল : সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজড়িত ১৯১৫ চনতে গঢ় লৈ উঠা তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ ১০৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস কালি পহিলা ব’হাগৰ দিনটোত ক্লাব প্ৰাঙ্গনত পূৰ্বৰ দৰে যথেষ্ট উলহ মালহৰে উদযাপিত হয়।পুৱা প্ৰতীকি গীতৰ পিচতে অসমীয়া ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি অৰুণা দেৱীয়ে। ইয়াৰ পিছতে এই বছৰ আশীৰ উদ্ধৰ সদস্যলৈ “সদস্য মহীয়ান” সন্মান প্ৰদান কৰে অসমীয়া ক্লাবৰ জেষ্ঠ সদস্য তথা বাণ থিয়েটাৰৰ সভাপতি বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাদেৱক। ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিজ্ঞান লেখক দৰং মহাবিদ্যায়ৰ অধ্যাপক তথা প্ৰকৃতি বিজ্ঞানী ড° অখিল কুমাৰ বৰুৱা আৰু অসমৰ একমাত্ৰ মহিলা সত্ৰাধিকাৰ বাম পৰ্বতীয়াৰ বালিসত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণদা গোস্বামীক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে ৰাজহুৱা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। । এই অনুষ্ঠানতে ড° অখিল কুমাৰ বৰুৱাই স্বৰচিত গ্ৰন্থ ৰাজি আৰু বালিসত্ৰই অসমীয়া ক্লাবক সংৰক্ষণৰ বাবে দান হিচাবে দিয়া ১৭ খন আপুৰুগীয়া পুথিৰ এখনি গ্ৰন্থ-প্ৰদৰ্শনীও অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত । ইয়াৰ পিছতে এইবাৰ ভূপেন শৰ্মাই সম্পাদনা কৰা অসমীয়া ক্লাবৰ মুখপত্ৰ “আলোকৰে যাত্ৰা”ৰ নৱম সংখ্যাটি উন্মোচন কৰে বিশিষ্ট বিজ্ঞান লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড.অখিল কুমাৰ ডেকাই।উন্মোচনী ভাষণত ড০ ডেকাই বৰ্তমানে অসমীয়া ভাষা-সাহিত্যৰ সংকট কাল বুলি উল্লেখ কৰি বিজ্ঞান জনপ্ৰিয় কৰণ আৰু সাহিত্যৰ সেৱাত নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব পৰা কাৰ্যসূচী অসমীয়া ক্লাব আৰু অসমৰ জাতীয় অনুষ্ঠান সমূহে গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।অনুষ্ঠানটিত অসমৰ ভাষা-সাহিত্য-সংস্কৃতি-ক্ৰীড়াৰ ক্ষেত্ৰত বিগত বছৰত তেজপুৰলৈ সন্মান কঢ়িয়াই অনা অনা বিশিষ্ট অৰুণ নাথ, ডাঃ জাহানাৰা বেগম,কল্পনা কলিতা,মৃগেন কলিতা আদি বহুকেই গৰাকীকে ৰাজহুৱা সন্মান জনায়। এই অনুষ্ঠানতে অসমীয়া ক্লাবৰ সমূহ সদস্য-সদস্যাই স্থানীয় শিল্পীৰ সহযোগত অসমীয়া ক্লাবৰ বাকৰিত ৰঙালী বিহুৰ হুঁচৰি ,বিহুনাচ প্ৰদৰ্শন কৰি একেলগে বিহুৰ জলপান খাই ৰঙ উলাহেৰে প্ৰতিষ্ঠা দিবসটি সম্পন্ন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More